তামাৰহাটত জুৱা খেলৰ  বিৰুদ্ধে আৰক্ষীৰ  অভিযান , পাঁচটা জুৱাৰীক আটক

28
তামাৰহাটত জুৱা খেলৰ  বিৰুদ্ধে আৰক্ষীৰ  অভিযান , পাঁচটা জুৱাৰীক আটক
দুৰ্নীতিৰ দৰ্পণ সেৱা ,  ৰুহুল আমিন সেখ , তামাৰহাট , ১০ জানুৱাৰী : ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অবাধে চলি থকা জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই যোৱা নিশা পাঁচটা জুৱাৰীক আটক কৰি আজি ধুবুৰী জেল হাজোত লৈ প্ৰেৰণ কৰে । জানিব পৰা মতে , তামাৰহাট থানা তথা পাগলাহাট আৰক্ষী নিৰীক্ষণ কেন্দ্ৰৰ অন্তৰ্গত সোণাহাটত অঞ্চলটোৰ ভালে সংখ্যক জুৱাৰীয়ে যোৱা নিশা মোবাইলেৰে ঝাণ্ডী -মুণ্ডা জুৱা খেলি আছিল । উক্ত খবৰ লাভ কৰি পাগলাহাট আৰক্ষী নিৰিক্ষণ কেন্দ্ৰৰ এটা আৰক্ষীৰ দলে অভিযান চলাই পাঁচটা জুৱাৰীক আটক কৰাৰ লগতে সিহঁতৰ পৰা জুৱা খেলত ব্যাবহৃত দুটা মোবাইল ছেট আৰু নগদ ২৬,০০০’০০ টকা উদ্ধাৰ কৰে । আটকাধীন জুৱাৰী কেইটা ক্ৰমে আজিজুল হক , জহিৰুল হক , আবুহোছেন , আমিৰ হোছেন আৰু হোছেন আলী । আজি তামাৰহাট থানাত জুৱাৰী কেইটাৰ বিৰুদ্ধে গেম এণ্ড বেটিং এক্টৰ অধিনত ১৩/১৪ ধাৰাত ৮/২১ নং গোচৰ পঞ্জীয়ন কৰি জুৱাৰী কেইটাক ধুবুৰী জেল হাজোতলৈ প্ৰেৰণ কৰে ।