দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ গড়াখহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবীত আছুৰ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট

47

দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ গড়াখহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবীত আছুৰ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট
দুৰ্নীতিৰ দৰ্পণ সেৱা, হাটশিঙিমাৰী, ২৫ ফেব্ৰুৱাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা চক্ৰবিষয়া কাৰ্য্যালয়ৰ সন্মুখত সদৌ দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগিতাত আজি তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জলন্ত সমস্যা ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াৰ বিজ্ঞানসম্মত স্হায়ী প্ৰতিৰোধ কৰা। ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰা। ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত মাটি,ভেটি হেৰুৱা ৰাইজক পুনৰ সংস্হাপনৰ ব্যৱস্থা কৰা। ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত ক্ষতিগ্রস্ত হোৱা হিতাধীকাৰিক ক্ষতিপূৰণৰ সম্পুর্ণ ব্যৱস্থা কৰা ৷ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত ক্ষতিগ্রস্ত হোৱা পৰিয়ালক চৰকাৰীভাৱে বিশেষ সুবিধা(পেকেজ)ৰ ব্যৱস্থা কৰা । ব্ৰহ্মপুত্ৰত ভিতিগ্ৰস্থ হোৱা পৰিয়ালক চৰকাৰী বিশেষ প্ৰমান-পত্ৰৰ দিয়াৰ ব্যৱস্থা কৰাৰ দাবীত আজি প্ৰায় অৰ্ধ শতাধিক আছু কৰ্মীয়ে হাতে প্লে কাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানৰে আকাশ বতাহ কপাই তুলি প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে আছু কৰ্মীয়ে ৷ আছুৰ এনে প্ৰতিবাদৰ পিছত চৰকাৰে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয় বিষয় ৷