দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন

49

দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন
দুৰ্নীতিৰ দৰ্পণ সেৱা , হাটশিঙিমাৰী , ২৭ জানৱাৰীঃ সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হাটশিঙিমাৰী জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰতো কালি পুৱা ৯ বজাত উদযাপন কৰা হয় দেশৰ ৭২ তম গণৰাজ্য দিৱস । দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা উক্ত গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত গুৰুদ্বীপ সিং পানেছাৰ আৰু লগত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক কংকণ জ্যাতি শইকীয়া । পতাকা উত্তোলনৰ অন্তত জিলা উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰসংগত চৰকাৰৰ বিভিন্ন উন্নয়নৰ খতিয়ান দাঙি ধৰে । ইফালে,উক্ত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি জিলা খনৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ৭ গৰাকী সাংবাদিকক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিশেষ উপহাৰ প্ৰদান কৰে জিলা প্ৰশাসনে । তদুপৰি জিলাখনৰ আন আন সাংবাদিক সকলোকো এখনকৈ মান পত্ৰ প্ৰদান কৰাৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় জিলা প্ৰশাসনে । ইপিনে,উক্ত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি জিলা খনৰ কৃষি বিভাগৰ ফালৰ পৰা ৫ গৰাকী কৃষি লোকক পাৱাৰ টিলাৰ আৰু ৫ গৰাকী লোকক ট্ৰি-চাইকেল প্ৰদান কৰে জিলা প্ৰশাসনে ।

Total Page Visits: 9 - Today Page Visits: 1