দুৰ্ভগীয়া পৰিয়ালৰ কাষত হোজাই জিলা আমছু

45

দুৰ্ভগীয়া পৰিয়ালৰ কাষত হোজাই জিলা আমছু
দুৰ্নীতিৰ দৰ্পণ সেৱা,হবিবুৰ ৰহমান ,০১ মাৰ্চঃ যোৱা ২৫ ফেব্ৰুৱাৰী তাৰিখে নগাঁও জিলাৰ ৰাঙলুত স্বামীয়ে নিজ পত্নীক হাত-ভৰি বান্ধি জ্বলাই দিয়া ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ ৰাঙলুত স্বামীয়ে পত্নীক জ্বলাই দিয়া সদৰ গাঁৱৰ
হাবিজা বেগমৰ পিতৃ গৃহত উপস্থিত হয় হোজাই জিলা আমছুৰ এটি সঁজাতি দল ৷ উল্লেখ্য যে , যোৱা ৬ বছৰ পূৰ্বে বিবাহ দিয়া কন্যাৰ মৃতদেহ ঘূৰি নাহিল পিতৃ গৃহলৈ ৷ হাবিজাৰ কণ কণ দুটি সন্তানক সাৱটি ধৰি কান্দোনত ভাগি পৰে আমছু নেতা কবিৰ আহমেদ লস্কৰ ৷ নগাঁও ৰাঙলুৰ স্বামীগৃহত ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে সদৰগাঁৱৰ চামছুল হকৰ কন্যা হাবিজা বেগমে ৷ স্বামীগৃহৰ লোকে কেৰাচিন ঢালি দুই কণমানি সন্তানৰ মাতৃ হাবিজাক জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ হাবিজাৰ হাত ভৰি বান্ধি স্বামীয়ে জুই লগাইছিল বুলি মৃত্যুৰ পূৰ্বে হাবিজাই নিজৰ পিতৃ গৃহৰ লোকক জনাইছিল ৷ হাবিজাৰ ন্যায়াৰ বাবে যিকোনো সিদ্ধান্ত লবলৈ কুণ্ঠাবোধ নকৰে বুলি সদৰি কৰে হোজাই জিলা আমছুৱে ৷ হাবিজাৰ ন্যায়ৰ বাবে দৰকাৰ পৰিলে হোজাই জিলা আমছু ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হ’ব জানিবলৈ দিয়ে জিলা সভাপতি কবিৰ আহমেদ লস্কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here