দেৰগাঁৱত অসম আৰক্ষীৰ বাৰজন আৰক্ষী বিষয়াক ক্ৰিমিন’লজি আৰু ফৰেন্সিক চায়েন্সৰ শ্ৰেষ্ঠত্ব বটাঁ

49

দেৰগাঁৱত অসম আৰক্ষীৰ বাৰজন আৰক্ষী বিষয়াক ক্ৰিমিন’লজি আৰু ফৰেন্সিক চায়েন্সৰ শ্ৰেষ্ঠত্ব বটাঁ প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও, ১৩ ফেব্ৰুৱাৰীঃ দেৰগাঁওস্থিত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সভাগৃহত ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ পদক বিতৰণী অনুষ্ঠান।অনুষ্ঠানটিত অসম আৰক্ষীৰ বিভিন্ন জিলা তথা বিভাগত কৰ্মৰত বাৰজন উপ- আৰক্ষী অধীক্ষক আৰু আৰক্ষী উপ- পৰিদর্শকক তেওঁলোকৰ বুনিয়াদী প্ৰশিক্ষণৰ সময়ছোৱাত ক্ৰিমিন’ল’জি আৰু ফৰেন্সিক চায়েন্স বিষয়ত প্ৰদৰ্শন কৰা শ্ৰেষ্ঠত্বৰ বাবে পদক প্ৰদান কৰা হয়।এই বঁটা সমুহ প্ৰদান কৰে অসম আৰক্ষীৰ উপ মহা পৰিদৰ্শক (প্ৰশিক্ষণ) মইনুল ইছলাম মণ্ডলে। উল্লেখযোগ্য যে, প্ৰত্যেক বর্ষতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ৰ অধীনত নতুন দিল্লীস্থিত ‘লোকনায়ক জয়প্ৰকাশ নাৰায়ণ নেশ্যনেল ইনষ্টিটিউট অৱ ক্ৰিমিন’ল’জি এণ্ড ফৰেনসিক চায়েন্স’ চমুকৈ NICFS ৰ তৰফৰপৰা আগবঢ়োৱা হয় এই বটাঁ।আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালৰ অধ্যক্ষ দেৱাশীষ শৰ্মা উপস্থিত থকা এই অনুষ্ঠানটিত তিতাবৰৰ তৃতীয় অসম আৰক্ষী বাহিনীৰ সহ অধিনায়ক লুনা সোণোৱাল, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সহকাৰী অধ্যক্ষ ৰাজশ্ৰী ধনদিয়া, বিশ্বনাথৰ উপ- আৰক্ষী অধীক্ষক (সদৰ) মুজাফ্ফৰ হুছেইন, বোকাজনৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ লগতে আন ছয়জন আৰক্ষী উপ- পৰিদৰ্শকে এই শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ সন্মান লাভ কৰে। অনুষ্ঠানটিত অসম আৰক্ষীৰ উপ মহা পৰিদৰ্শক মইনুল ইছলাম মণ্ডলে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাম্প্ৰতিক কালত তদন্তকাৰী আৰক্ষী বিষয়াই বৈজ্ঞানিক মানসিকতাৰে শুদ্ধ আৰু নিৰ্ভৰযোগ্য সাক্ষ্য সংগ্ৰহ আৰু যথোপযুক্ত উপস্থাপনৰ জৰিয়তে গোচৰসমূহ তদন্ত কৰাৰ প্ৰয়োজনীয়তা আহি পৰা সন্দৰ্ভত বক্তব্য দাঙি ধৰাৰ লগতে আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অন্যান্য পদক প্ৰাপক বিষয়াসকলেও বৈজ্ঞানিক তদন্ত আৰু অপৰাধীৰ মনস্তত্বঃ সন্দৰ্ভত নিজ নিজ অভিজ্ঞতা ব্যক্ত কৰে।

Total Page Visits: 32 - Today Page Visits: 2