দেৰগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী বানী হাজৰিকাক উদ্ধাৰৰ বাবে নিৰ্বাচনী যুজত নামি পৰিছে পত্নী মন্দাকিনী হাজৰিকা

49

দেৰগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী বানী হাজৰিকাক উদ্ধাৰৰ বাবে নিৰ্বাচনী যুজত নামি পৰিছে পত্নী মন্দাকিনী হাজৰিকা

দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ১৯ মাৰ্চঃ নিৰ্বাচনলৈ মাঠো কেইটামান দিন বাকী থকাৰ মাজতে দেৰগাঁৱত প্ৰত্যেকটো ৰাজনৈতিক দলেই তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান।থমকি ৰোৱা নাই কংগ্ৰেছ দলটো। সমষ্টিটোত এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বানী হাজৰিকাক উদ্ধাৰৰ বাবে নিৰ্বাচনী যুজত নামি পৰিছে তেঁওৰ পত্নী মন্দাকিনী হাজৰিকা।আজি দেৰগাঁও নগৰৰ কেইবাটাও বুথত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই পত্নী হাজৰিকাই । এই প্ৰচাৰ অভিযানত তেওৰ লগত সংগ দিয়ে জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভানেত্ৰী বন্তি আহমেদ, জিলা মিডিয়া কোষৰ সদস্যা ববীতা ঘোষ, জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী বাদল ঘোষ, মোচাদ্দিক হুছেইন, ফাৰহানা বেগম, মঞ্জু ধৰ, লীলা চেত্ৰী আদি কংগ্ৰেছৰ বিষয়ববীয়া সকলে।প্ৰচাৰ অভিযানত বিজেপি চৰকাৰ খনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্য বৃদ্ধিকে ধৰি ভাই ভাই মাজত ধৰ্ম কেন্দ্ৰীক বিভেদৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি বহু লোকে স্বতঃস্ফুত ভাৱেই কংগ্ৰেছ দলটিক সমৰ্থন আগবঢ়োৱাৰ লগতে কেইবাগৰাকীও বিজেপি কৰ্মীয়ে আজিৰ এই প্ৰচাৰ অভিযানত মন্দাকিনী হাজৰিকাৰ উপস্থিতিত কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছত যোগদান কৰে। উল্লেখযোগ্য যে এই প্ৰচাৰ অভিযানত ছত্তিশগড়ৰ দিনেশ যাদৱ আৰু ৱামন তিকৰীয়া পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি ভাষন প্ৰদান কৰে ।