দেৰগাঁৱত বিজেপি প্ৰাৰ্থীত্বৰ শক্তিশালী দাবীদাৰ ৰঞ্জিত দাস , সমষ্টিৰ চুকে কোনে চলাইছে কুচকাৱাজ

38

দেৰগাঁৱত বিজেপি প্ৰাৰ্থীত্বৰ শক্তিশালী দাবীদাৰ ৰঞ্জিত দাস , সমষ্টিৰ চুকে কোনে চলাইছে কুচকাৱাজ
দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও ,১ মাৰ্চঃ অনুসুচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত দেৰগাঁও বিধানসভা সমষ্টিটো বৰ্তমান শাসকীয় মিত্ৰজোঁট অগপৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভঁৰালীৰ দখলত আছে যদিও সমষ্টি বাসীয়ে এইবাৰ প্ৰাৰ্থীত্ব পৰিবৰ্তনৰ দাবী জনোৱাত সমাগত নিৰ্বাচনত মিত্ৰজোটৰ প্ৰাৰ্থী কোন হয় , সেইয়া এতিয়াও নিশ্চিত হোৱা নাই । অগপ শিবিৰত ভঁৰালীৰ বাহিৰে অন্য দাবীদাৰ ওলোৱা নাই যদিও মিত্ৰজোঁট বিজেপিৰ কেইবাগৰাকীয়ো নেতাই সমষ্টি টোৰ প্ৰাৰ্থীত্বৰ দাবী জনাই দলীয় নেতৃত্বৰ কাষ চপাৰ লগতে ৰাইজৰ মাজত সোমাই নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে । প্ৰাৰ্থীত্বৰ দাবীদাৰ সকলৰ ভিতৰত অন্যতম যুৱনেতা ৰঞ্জিত দাসে দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত ৰাইজক আকৰ্ষিত কৰাৰ প্ৰচেষ্টাত নামি পৰাৰ লগতে শাসকীয় চৰকাৰখনৰ উন্নয়নমুলক কাম কাজ আৰু জনকল্যানকামী আচনীসমূহৰ প্ৰচাৰেৰে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ নামি পৰিছে । যোৱাটো বিধান সভা নিৰ্বাচনতো দলৰ এগৰাকী শক্তিশালী প্ৰাৰ্থীত্বৰ দাবীদাৰ ৰূপে আত্মপ্ৰকাশ কৰি শেষান্তৰত অগপৰ লগত মিত্ৰতাসূত্ৰে স্ব ইচ্ছাই সমষ্টিটো অগপ প্ৰাৰ্থী ভৱেন্দ্ৰ নাথ ভৰালীক এৰি দিছিল । কিন্তু বিগত কায্যকালত বিধায়কজনৰ প্ৰতি ৰাইজৰ অসন্তোষ্টিয়ে সমষ্টিটোত নিৰ্বাচনী ৰেহৰূপৰ পৰিবৰ্ত্তন ঘটোৱাত গৰিষ্ঠ সংখ্যক বিজেপি কৰ্মীয়ে এইবাৰ দেৰগাঁৱত বিজেপি প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী জনাইছে । সেইহে দলীয় কৰ্মীৰ আহবানৰ প্ৰতি সমৰ্থন জনাই অধিক উৎসাহেৰে নিৰ্বাচনী তৎপৰতা চলাই দাসে ৰাইজৰ সহাৰী লাভ কৰিছে । অনুসুচিত জাতি মৰ্চাৰ বিষয়ববীয়া ৰঞ্জিত দাসে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সেউজ সংকেটো লাভ কৰা বুলি জনাইছে । অৱশ্যে, সমষ্টিটোত প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকাইয়ো তৎপৰতা ক্ৰমাৎ তীব্ৰতৰ কৰি তোলা দেখা গৈছে । শেষান্তৰত প্ৰাৰ্থীত্ব কোনে লাভ কৰে , সেইয়া হব লক্ষনীয় ।