ধুবুৰীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধিনত মানসিক ৰোগৰ প্ৰশিক্ষণ

50

ধুবুৰীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধিনত মানসিক ৰোগৰ প্ৰশিক্ষণ
দুৰ্নীতিৰ দৰ্পণ সেৱা ,পাৰভেজুৰ ৰহমান , ধুবুৰী , ৩০ জানুৱাৰী : ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ধুবুৰী জিলা মানসিক স্বাস্থ্য কাৰ্য্যক্ৰমৰ উদ্যোগত যোৱা ২৯ জানুৱাৰী ২০২১ ত ধুবুৰী নাৰ্সিং ট্ৰেনিং চেণ্টাৰত এখন প্ৰশিক্ষণ সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত মুখ্য অতিথি তথা মানসিক ৰোগৰ চিকিৎসক ডা° প্ৰকাশ বৰ্মন আৰু সমাজকৰ্মী জেহিৰুল ইছলাম উপস্থিত থাকে ৷ তেওলোকে বিস্তাৰিতভাৱে মানসিক ৰোগৰ বিষয়ে আলোচনা কৰে ৷ লগতে কয় যে , সমাজত ব্যাপক হাৰত ক্ষতি সাধন কৰা অন্ধ বিশ্বাস দূৰ কৰিবলৈ অনুৰোধ জনায় ৷ ইয়াৰ উপৰিও যিকোনো মানসিক ৰোগত আক্ৰান্ত হলে মানসিক ৰোগীৰ চিকিৎসকৰ পৰা পৰামৰ্শ লবলৈ অনুৰোধ জনায় ৷ মানসিক ৰোগীক মৰম , স্নেহ আৰু সহানুভূতি দেখুৱাবলৈ অনুৰোধ কৰে ৷ ইয়াৰ উপৰিও বিশিষ্ট অতিথি তথা অধিবক্তা মহুৱা দাসে মানসিক ৰোগৰ Mental Health Care and Protection Act,2017 ৰ ওপৰত বিতং আলোচনা কৰে ৷ উক্ত দিনা Police personal , অধিবক্তা , সমাজ কল্যাণ বিষয়া , চৰকাৰী বহু বিষয়াৰ লগতে NGO কৰ্মীসকল উপস্থিত থাকে ৷ ইয়াৰ উপৰিও ধুবুৰী মানসিক স্বাস্থ্য কাৰ্য্যক্ৰমণিকাৰ উদ্যোগত ASHA, ASHA Supervisor, pera medical workers ,108 ৰ EMT আৰু ড্ৰাইভাৰ ট্ৰেনিং ইতিমধ্যে সমাপ্ত কৰা হৈছে ৷

Total Page Visits: 14 - Today Page Visits: 3