নগাঁও জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত বিধানসভা নিৰ্বাচন সম্পৰ্কে গুৰুত্বপূৰ্ণ সভা

43

নগাঁও জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত বিধানসভা নিৰ্বাচন সম্পৰ্কে গুৰুত্বপূৰ্ণ সভা
ষ্টাফ ৰিপৰ্টাৰ , মুস্তাফা ছালিম আহমেদ , নগাঁও , ১৮ মাৰ্চ : আজি নগাঁও জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত আগন্তুক বিধানসভা নিৰ্বাচন , ২০২১ জিলাখনত স্বচ্ছ ,মুক্ত আৰু নিকা ভাৱে ৰূপায়ন কৰিবলৈ জিলাখনৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক ক্ৰমে সুৰেন্দ্ৰ কুমাৰ বাগদে,আই, এ, এছ, অশোক চন্দ্ৰ, আই, এ, এছ আৰু পি এম আলি অচগৰ পাচা, আই, এ, এছ, আৰক্ষী পৰ্যবেক্ষক গুৰিন্দৰ সিং ধিলন, আই, পি,এছৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় । উক্ত সভাত নতুনকৈ স্থাপন হবলগীয়া ভোট কেন্দ্ৰ, নিৰ্বাচনত নিয়োজিত হবলগীয়া পুলিং আৰু প্ৰিজাইডিং বিষয়া সকলৰ ওপৰত নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিভিন্ন সভা সমিতি পতা, শোভাযাত্ৰা উলিওৱা , গাড়ী ব্যৱহাৰ আদিৰ ওপৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা দিয়া অনুমতি , পোষ্টেল বেলট আৰু কভিড মহামাৰীৰ সুৰক্ষাৰ আদিৰ বিষয় সম্পৰ্কে আলোচনা কৰে । ইয়াৰ উপৰিও ৰাজনৈতিক দল সমূহে ৰাজহুৱা স্থানত পোষ্টাৰ লগোৱা , প্ৰতিদ্বন্দী প্ৰাৰ্থী সকলৰ মাজত মতানৈক্য , প্ৰাৰ্থীয়ে ব্যৱহাৰ কৰা গাড়ীত দলীয় পতাকা লগোৱা , প্ৰাৰ্থী সকলৰ নিৰ্বাচনী ব্যয়ৰ ওপৰত বিশদভাৱে আলোচনা কৰে আৰু পৰ্যবেক্ষক সকলে এটি ৱাটচেপ গ্ৰুপ খুলিবলৈ পৰামৰ্শ আগবঢ়ায় । সভাত ৰিটাৰ্ণিং বিষয়া সকলক নিজ নিজ সমষ্টিৰ একোখনকৈ ভৌগোলিক মেপ প্ৰস্তুত কৰিবলৈ আৰু সকলোকে সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে লগতে পুলিং বিষয়া , ৰিটাৰ্ণিং বিষয়া , মাণ্ডলীক বিষয়া আৰু ক্ষেত্ৰ বিষয়া সকলৰ মাজত সু-সম্পৰ্ক বজাই ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায় । জিলাখনত প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ সময়ত অইন-শৃংখলা পৰিস্থিতি কোনো কাৰণতে যাতে অৱনতি নহয় , তাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ আৰক্ষী প্ৰশাসনক পৰামৰ্শ আগবঢ়ায় । সুৰক্ষাৰ ক্ষেত্ৰত CRPF, BSF মোতায়েন আৰু স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ সমূহত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ ওপৰতো সভাত আলোচনা কৰা হয় । আজিৰ এই সভাত জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষক,অতিৰিক্ত উপায়ুক্ত সকল,নিৰ্বাচনী বিষয়া,নগাঁও আৰু কলিয়াবৰ নিৰ্বাচনী জিলাৰ ৰিটাৰ্ণিং বিষয়া সকলকে প্ৰমূখ্য কৰি নিৰ্বাচনী কামত নিয়োজিত বিষয়া সকল উপস্থিত থাকে।