নগাঁৱৰ বিধায়ক ৰূপক শৰ্মালৈ “নগাঁওৰত্ন” সন্মান , ২৮ ফেব্ৰুৱাৰীত প্ৰদান কৰা হ’ব নগাঁও ৰত্ন সন্মান
ৱাহিদুদ জামান , নগাঁও , ২৭ ফেব্ৰুৱাৰীঃ দেশৰ স্বাধীনতাৰ আগৰে পৰা অতি গুৰুত্বপূৰ্ণ জিলা হিচাপে চিহ্নিত হোৱা নগাঁও জিলাৰ নগাঁও সদৰ বিধান সভা সমষ্টিটো বিগত সময়চোৱাৰ তুলনাত শেহতীয়াকৈ বিধায়ক ৰূপক শৰ্মাৰ বলিষ্ঠ পদক্ষেপত সমষ্টিটোত উন্নয়ন আৰু বিকাশ তৰান্বিত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ অংশ স্বৰূপে যোৱা পাঁচটা বছৰত অসংখ্য বাট-পথ,নলা-নৰ্দমা নিৰ্মাণ কৰা, একাধিক পকী দলং নিৰ্মাণ কৰা,খোৱা পানী, বিজুলী যোগানকে ধৰি সামাজিক-সাংস্কৃতিক অনুষ্ঠান, ধৰ্মীয় উপাসনাস্হলীৰ নিৰ্মাণ- পুণৰ নিৰ্মাণ কৰাৰ লগতে ঐতিহ্য মণ্ডিত নগাঁও চহৰখনক ন- ৰূপত সজাই পৰাই তুলিছে। বিভিন্ন উন্নয়ন মূলক কাম কাজ কৰি নগাঁও সদৰ সমষ্টিৰ আমূল পৰিবৰ্তন সাধন কৰাৰ লগতে নগাঁও চহৰৰ আন্তঃগাথঁনিৰ উন্নয়ন কৰি ঐতিহ্য মণ্ডিত চহৰ খনক ন ৰূপত সজাই তোলা কৰ্মদক্ষ বিধায়ক ৰূপক শৰ্মাক জিলা খনৰ অৰ্ধশতাধিক সামাজিক- সাংস্কৃতিক অনুষ্ঠানৰ দ্বাৰা গঠিত নগাঁও সন্মিলিত মঞ্চই কালিলৈ প্ৰদান কৰিব”নগাঁও ৰত্ন” সন্মান। আজি বিয়লি নগাঁও চহৰৰ নতুন বজাৰস্হিত সংগীত শিল্পী মঞ্চৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত এই কথা প্ৰকাশ কৰে আয়োজক মণ্ডলীয়ে। আয়োজক মণ্ডলীৰ হৈ নগাঁও নাট্য মন্দিৰৰ সভাপতি যুক্তিনাথ খাউণ্ড, নগাঁও গুৰুদ্বাৰা প্ৰবন্ধক কমিটিৰ সভাপতি দেবেন সিং চেহমী, সংগীত শিল্পী মঞ্চৰ সভাপতি পংকজ বেজবৰুৱা, সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ বৰা, খুটিকটীয়া কৃষ্টি বিকাশ সমিতিৰ সভাপতি শোণিত শৰ্মা, সমাজকৰ্মী অলকমণি ভট্টাচাৰ্য্যই কয়- কালিলৈ বিয়লি ১.৩০বজাত নগাঁও চহৰৰ নগাঁও সাংস্কৃতিক প্ৰকল্পত আয়োজিত এক বিশেষ অনুষ্ঠানত বিধায়ক শৰ্মাক ৰাজহুৱাকৈ প্ৰদান কৰা হ’ব নগাঁও ৰত্ন সন্মান। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰেণ্য সাহিত্যিক ড লক্ষ্মীনন্দন বৰা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব শংকৰী সংস্কৃতিৰ গৱেষক, পণ্ডিত ড নৰেন কলিতা আৰু বিশিষ্ট নাট্যকাৰ, সমাজকৰ্মী ডা: দিলীপ কুমাৰ বৰুৱা।নগাঁও সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা এই অনুষ্ঠানত সমষ্টিটোৰ বহুসংখ্যক অনুষ্ঠান- প্ৰতিষ্ঠানে বিধায়ক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰিব বুলিও জানিবলৈ দিয়াৰ লগতে ইচ্ছুক সংগঠণৰ বাবেও আদৰণি মুকলি থাকিব। সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে আয়োজক নগাঁও সন্মিলিত মঞ্চই।