নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা বিজেপি নেতাক ঢেকীয়াজুলীত চাহ বাগিচাৰ পৰা পহু খেদা

202

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা বিজেপি নেতাক ঢেকীয়াজুলীত চাহ বাগিচাৰ পৰা পহু খেদা

দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰিৰ পৰা আজিজুৰ ৰহমান , ১৫ মাৰ্চ: ঢেকীয়াজুলীত দুৱাৰ মুখৰ পৰাই পহু খেদা দিলে
নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা বিজেপি নেতাক । ৰাজ্যত নিৰ্বাচনকলৈ তৎপৰ সমূহ ৰাজনৈতিক দল । অহা ২৭ মাৰ্চত হবলগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত সাঙুৰ খাইছে ঢেকীয়াজুলি সমষ্টি । ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিত গৰম বতাহ । ৰাজনৈতিক নেতা সকলে ইটোৰ পিছত সিটো মন্তব্যৰে ৰাজ্যৰ ৰাজনীতি গৰম কৰি ৰখাৰ উপৰিও নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গাঁৱে ভূঞে প্ৰাৰ্থীৰ হেঁচা-ঠেলা । ইয়াৰ মাজতেই ৰাজ্যৰ এখন চাহ বাগিছাত প্ৰৱেশ নিষেধ বিজেপি প্ৰাৰ্থীৰ । যাৰ বাবে আজি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা বিজেপি প্ৰাৰ্থীক দুৱাৰ মুখৰ পৰাই পহু খেদা দিলে বিজেপি কৰ্মীক। ঢেকিয়াজুলি নাৰায়ণপুৰ চাহ বাগিছাত বিজেপি নেতাক নিষিদ্ধ কৰি বাগানৰ পৰা ঘূৰাই পঠালে সদৌ আদিবাসী ছাত্ৰ সন্থাই। উল্লেখ্য যে , আদিবাসী সকলৰ সমস্যা সমাধান নকৰা পৰ্যন্ত বাগানত নিষিদ্ধ কৰিলে বিজেপি কৰ্মীক । আজি ঢেকিয়াজুলিত অশোক সিংহালৰ পালিনেতাই অশোক সিংহালৰ হৈ নাৰায়ণপুৰ বাগানত প্ৰচাৰ চলাবলৈ গৈ তীব্ৰ প্ৰতিবাদ সন্মুখীন হব লগা হয়। লগে লগে বাগান এৰি ঘূৰি আহিব লগা হয় প্ৰচাৰ চলাবলৈ যোৱা লোকসকল । ইয়াৰ পিছতে সদৌ আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে , ঢেকীয়াজুলি সমষ্টিত অশোক সিংহালৰ বিপৰীতে প্ৰতিদ্বন্দিতা আগবঢ়াইছে কংগ্ৰেছৰ প্ৰাৰ্থী বেণুধৰ নাথে । আনফালে , চাহ জনগোষ্ঠীৰ নেতা তৰুণ চাহুৱে ৩০ বছৰে বিজেপি কৰি অৱশেষত টিকেট নাপাই নিৰ্দলীয়াৰ পৰাই আগবঢ়াইছে প্ৰাৰ্থীত্ব । নিৰ্বাচনৰ বতৰত এনে ঘটনা সচৰাচৰ দেখা যায় যদিও ঢেকীয়াজুলী বাসীয়ে কাক জয়ী কৰি,কাৰ কন্ঠ বিধান সভালৈ পঠাই , সেয়া সময়ত লক্ষণীয় হব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here