নিৰ্বাচনৰ প্ৰাকক্ষণত ডিগবৈ ৰিফাইনেৰী খেলপথাৰত শ্ৰমিক সংগঠনৰ সৈতে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ মত বিনিময়

51

নিৰ্বাচনৰ প্ৰাকক্ষণত ডিগবৈ ৰিফাইনেৰী খেলপথাৰত শ্ৰমিক সংগঠনৰ সৈতে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ মত বিনিময়
দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিগবৈ , ২০ মাৰ্চঃ আগন্তুক বিধানসভা নিৰ্বাচন৷নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তৈলনগৰী ডিগবৈ ৰিফাইনেৰী খেলপথাৰত কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীয়ে দিনৰ ১১ বজাত ডিগবৈ শোধানাগাৰ ঠিকাভিত্তিক শ্ৰমিক সন্থা সমুহৰ লগত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে । মুঠ ছয়টাকৈ শ্ৰমিক সংগঠনৰ সৈতে মত বিনিময় অনুষ্ঠানটিত বিভিন্ন সমস্যাৰাজিৰ ওপৰত শ্ৰমিক সংগঠনৰ বিষয়ববীয়া সকলৰ লগত আলোচনাত মিলিত হয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আগমণ ঘটা প্ৰায় চাৰিশৰো অধিক শ্ৰমিকৰ উপস্থিতিত অনুষ্ঠিত হোৱা মত বিনিময় অনুষ্ঠানটোত বৰ্তমান শাসকীয় চৰকাৰে শ্ৰমিকৰ ক্ষেত্ৰত কৰা শোষণ আৰু দমন নীতিৰ বিৰুদ্ধে কৰা আচৰণসমুহৰ বিষয়ে অৱগত কৰি ভুক্তভোগী শ্ৰমিক সকলৰ সমস্যা সমুহ ৰাহুল গান্ধী সন্মুখত সজোৰে উপস্থাপন কৰে ৷ শ্ৰমিক প্ৰতিনিধিবৰ্গই উত্থাপন কৰা সমস্যা সমুহক লৈ কৰা আলোচনাত শ্ৰমিকসকলে ডিগবৈ তৈল শোধানাগাৰ কৰ্তৃপক্ষৰ লগতে চৰকাৰৰ বিৰুদ্ধে শ্ৰমিকসকলে ক্ষোভ উজাৰে।আগন্তুক বিধান সভা নিৰ্বাচনত ৰাজ্যত কংগ্ৰেছ চৰকাৰ হ’লে ডিগবৈ শোধানাগাৰৰ লগতে ৰাজহুৱা খণ্ডৰ সমুহ উদ্যোগ প্ৰতিষ্ঠানৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিবলৈ ব্যৱস্থা কৰাৰ লগতে ৰাজ্যত দিনক দিনে বৃদ্ধি হোৱা নিবনুৱা সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি শ্ৰমিক সকলক প্ৰতিশ্ৰুতি দিয়ে ৷