নিৰ্বাচনৰ প্ৰাকক্ষনত ঢেকিয়াজুলিত বিজেপি দলৰ দুই পঞ্চায়ত প্ৰতিনিধিৰ দল ত্যাগ ,বিধায়ক অশোক সিংঘালৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ কৰিলে দল ত্যাগ

45

নিৰ্বাচনৰ প্ৰাকক্ষনত ঢেকিয়াজুলিত বিজেপি দলৰ দুই পঞ্চায়ত প্ৰতিনিধিৰ দল ত্যাগ ,বিধায়ক অশোক সিংঘালৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ কৰিলে দল ত্যাগ
দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰীৰ পৰা আজিজুৰ ৰহমান , ৪ মাৰ্চ : প্ৰমুল্য বোধৰ ৰাজনীৰ পৰা বিচলিত হৈছে শোনিতপুৰ জিলাৰ ঢেকিয়াজুলি বিধান সভা সমষ্টিত । যাৰ পৰিপ্ৰেক্ষিত্বত দেখাগৈছে বিজেপি জিলা সভাপতি তুলসী বৰঠাকুৰৰ হাতত শাসকীয় বিজেপি দলৰ পৰা নিৰ্বাচিত হোৱা চপাই গাওঁ পঞ্চায়তৰ সভাপতি গনক বড়ো আৰু ৰাক্ষসমাৰী পঞ্চায়তৰ আঞ্চলিক সদস্য বিক্ৰম ৰজকে দাখিল কৰিলে দল ত্যাগৰ পত্ৰ ৷ দুই পঞ্চায়ত প্ৰতিনিধিৰ এনে পদক্ষেপত অৰ্থাৎ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থাকোতেই বিজেপি দলৰ দুই পঞ্চায়ত প্ৰতিনিধিৰ দল ত্যাগে দলটোৰ দলীয় কৰ্মীৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ বিধায়ক অশোক সিংঘালৰ স্বৈৰাচাৰি শাসন ব্যৱস্থাত অতিষ্ঠ হৈ পূৰ্বতেও বহু নেতা কৰ্মীয়ে দল ত্যাগ কৰাৰ সমান্তৰালভাৱে সমাগত প্ৰথম পৰ্যায়ৰ বিধান সভা নিৰ্বাচনৰ দিন ঘোষনা হোৱাৰ লগে লগে শোনিতপুৰ জিলাৰ ৭১ নং ঢেকিয়াজুলি বিধান সভা সমষ্টিত আজি সমষ্টিটোৰে দুটাকৈ পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ আন এগৰাকী সদস্যই দল ত্যাগ কৰা ঘটনাই সমষ্টিটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কেৱল ক্ষমতা আৰু বেপেৰুৱা মনোবৃত্তিৰে বিগত চাৰি বছৰে শাসনৰ গাদীত অধিষ্ঠিত হৈ সমষ্টিটোৰ পুৰনা কৰ্মী সকলক এলাগি কৰি কেৱল দালাল ৰাজৰ ৰাজনীতিত অৱতীৰ্ণ হোৱা বুলি আক্ষেপ প্ৰকাশ কৰে সদ্য দল ত্যাগী তথা চপাই গাওঁ পঞ্চায়তৰ সভাপতি গনক বড়ো আৰু ৰাক্ষসমাৰী গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য বিক্ৰম ৰজকে ৷ মন কৰিব লগা বিষয়টো হ’ল যে সমষ্টিটোৰ কোনো ভৌগোলিক জ্ঞান নথকা স্বত্বেও বিজেপি দলৰ মনোনিত প্ৰাৰ্থী অশোক সিংঘালক পৰিবৰ্তনৰ স্বাৰ্থত সমষ্টিবাসীয়ে বিগত ২০১৬ ৰ নিৰ্বাচনত বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰাইছিল যদিও পৰৱৰ্তী সময়ত ক্ষমতাৰ খকত এই গৰাকী নেতাই নিজৰ একাংশ চেলা চামোন্দাক লগত লৈ দলৰ নিষ্ঠাবান নেতা কৰ্মীক গুৰুত্ব নিদি নিজৰ খেয়াল খুছি মতে কাম কৰাৰ পৰিনতিতে বিধায়ক গৰাকীৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ পাইছে ৷ উল্লেখ্য যে , বিজেপিৰ ৰাজ্যিক নেতৃত্বই ২০২১ ৰ প্ৰাক নিৰ্বাচনৰ প্ৰচাৰৰ অংস স্বৰুপে খোদ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক যোৱা ৭ ফেব্ৰুৱাৰীত ঢেকিয়াজুলিলৈ আনি বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল ৷ ইমানৰ পিচতো ঢেকিয়াজুলি সমষ্টিত বিজেপিৰ আঞ্চলিক পৰ্যায়ৰ নেতাই দল ত্যাগ কৰাৰ বিষয়টোৱে দৰাচলতে বিধায়ক অশোক সিংঘালে বিগত পাঁচটা বছৰে কিমান উন্নয়নৰ কৰিছে লগতে দলীয় কর্মী সকলক কিমান গুৰুত্ব দিছে , তাৰ প্ৰমাণ কৰাৰ সমানে সমানে তেওঁৰ স্বৈৰাচাৰি শাসন আৰু অযোগ্যতাকে প্ৰতিপন্ন কৰিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here