নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে কামৰূপ জিলা প্ৰশাসনৰ প্ৰস্তুতি

35

নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে কামৰূপ জিলা প্ৰশাসনৰ প্ৰস্তুতি

পঙ্কজ নাথ, চাংসাৰি, ৩ মাৰ্চ : কামৰূপ নিৰ্বাচনী জিলাৰ তত্বাৱধানত থকা চাৰিটা বিধানসভা সমষ্টি-৪৮ নং বকো (অনুসুচিত জাতি) ৪৯ নং ছয়গাঁও, ৫০ নং পলাশবাৰী আৰু ৫৫ নং হাজো সমষ্টিত অহা ৬ এপ্ৰিলত হবলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে কামৰূপ জিলা প্ৰশাসনে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্বাচন সুকলমে পৰিচালনাৰ বাবে জিলা উপায়ুক্তই গঠন কৰি দিয়া বিভিন্ন কোষে নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত কাম-কাজ সমূহ পূৰ্ণগতিত কৰি গৈ আছে।অতিৰিক্ত উপায়ুক্ত সকলক কোষ সমূহৰ নডেল বিষয়াৰ দায়িত্ব দিয়া হৈছে । নিৰ্বাচনৰ বাবে নিয়োজিত প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ সমূহ ইতিমধ্যে পৰ্যায়ক্ৰমে চলি আছে । যোৱা ২৮ ফেব্ৰুৱাৰীত মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত নিৰ্বাচনৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰী সকলৰ এক প্ৰশিক্ষণ হৈ গৈছে। অহা ৭,১৪,২৩ আৰু ২৪ মার্চত এই মহাবিদ্যালয়তে নিৰ্বাচনৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰী সকলৰ পুনৰ প্ৰশিক্ষণ চলিব। উল্লেখযোগ্য যে,এই বাৰ নিৰ্বাচনত চাৰিটা সমষ্টিৰ বাবে মুঠ ১১০৬ গৰাকী প্ৰিজাইডিং অফিচাৰ আৰু সৰ্বমুঠ ৩৩১৮ গৰাকী প্ৰথম,দ্বিতীয় আৰু তৃতীয় পলিং অফিচাৰ হিচাপে নিয়োগ কৰা হৈছে। নিৰ্বাচনী জিলা খনৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হল ১১০৬ টা। ইয়াৰে ৮৮৭ টা মুখ্য ভোট গ্ৰহণ কেন্দ্ৰ আৰু ২১৯ টা সহযোগী ভোট গ্ৰহণ কেন্দ্ৰ। বকো বিধানসভা সমষ্টিৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হল- ৩৩১ টা । ইয়াৰে ২৬৫ টা মুখ্য আৰু ৬৬ টা সহযোগী কেন্দ্ৰ। ছয়গাঁও সমষ্টিৰ ২৭৫ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ২২১ টা মুখ্য আৰু ৫৪ টা সহযোগী কেন্দ্ৰ। তেনেদৰে,পলাশবাৰী সমষ্টিৰ ২৩৯ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ১৯০ টা মুখ্য কেন্দ্ৰ আৰু ৪৯ টা সহযোগী কেন্দ্ৰ। হাজো সমষ্টিৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হল- ২৬১ টা ইয়াৰে ২১১ টা মুখ্য আৰু ৫০ টা সহযোগী কেন্দ্ৰ। নিৰ্বাচনী জিলা খনৰ চাৰিটা সমষ্টিৰ মুঠ ১৯২ টা ভোট গ্ৰহণ কেন্দ্ৰক ক্ৰিটিকেল কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে। বকো বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হল-২৩৩৫৮৭ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হল-১১৮২৮৫ গৰাকী আৰু মহিলা ভোটাৰ ১১৫৩০২ গৰাকী। ছয়গাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হল- ১৮৯৬৬১ গৰাকী । ইয়াৰে ৯৫৪৮৪ গৰাকী পুৰুষ আৰু ৯৪১৭৭ গৰাকী মহিলা । পলাশবাৰী বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হল- ১৫৫৮০১ গৰাকী । ইয়াৰে ৭৮১৫৬ গৰাকী পুৰুষ আৰু ৭৭৬৪৫ গৰাকী মহিলা । হাজো বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হল- ১৭৫৬৯৬ গৰাকী । ইয়াৰে ৯০৩৯৬ গৰাকী পুৰুষ আৰু ৮৫,৩০০ গৰাকী মহিলা । কামৰূপ নিৰ্বাচন জিলাৰ অন্তৰ্গত চাৰিটা সমষ্টিৰ বাবে ইতিমধ্যে ফ্লাইং স্কোৱাড, ষ্টেটিক ছাৰ্ভিলেন্স আৰু ভিডিঅ ছাৰ্ভিলেন্স টীম সমূহে জিলা খনৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী বিধি যাতে উলংঘা নহয় তাৰ বাবে চোকা দৃষ্টি ৰাখিছে । উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত ৮০ বছৰ বয়সৰ উৰ্দ্ধৰ জ্যে ষ্ঠ নাগৰিক, দিব্যাংযগ, কোভিড-১৯ সন্দেহযুক্ত বা আক্ৰান্ত ভোটাৰ সকলৰ বাবে পোষ্টল বেলটৰ ব্যৱস্থা কৰা হৈছে । কামৰূপ নিৰ্বাচন জিলাৰ সমষ্টিৰ কেইটাৰ বাবেও নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে ।