নৱ নিযুক্ত জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফাৰুক আহমেদক সম্বৰ্ধনা

53

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বাঘমাৰী আৰু জিনজিয়া আঞ্চলিক সমিতিৰ উদ্যোগত নৱ নিযুক্ত জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফাৰুক আহমেদক সম্বৰ্ধনা
দুৰ্নীতিৰ দৰ্পণ সেৱা,বিশ্বনাথ চাৰালি,২৬ ফেব্ৰুৱাৰীঃ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বাঘমাৰী আৰু জিনজিয়া আঞ্চলিক সমিতিৰ উদ্যোগত শুক্ৰবাৰে দিনৰ ১০•৩০ বজাত বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাত নতুনকৈ যোগদান কৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফাৰুক আহমেদক উষ্ম অভিনন্দন জনোৱাৰ লগতে বাঘমাৰী আঞ্চলিক সংখ্যালঘু সংগ্ৰাম পৰিষদে এখনি জাপি আৰু ফোলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।জিনজিয়া আঞ্চলিক সংখ্যালঘু সংগ্ৰাম পৰিষদে ফোলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ পাছত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনৰ লগত বিভিন্ন সমস্যাৱলীৰ বিষয়ে আলোচনা কৰা হয়।তেখেতে আমাক এই বহুসমস্যাৱলী সন্দৰ্ভত আমাক সম্পূৰ্ণ সহায়-সহযোগ কৰিব বুলি আশ্বাস দিয়ে।কেন্দ্ৰীয় শিক্ষা সম্পাদক ফৰহাদুৰ ৰহমান(বুকুল),বিশ্বনাথ জিলা সমিতিৰ সভাপতি আলহাজ আব্দুল হাকিম সিকদাৰ,বিশ্বনাথ জিলা সমিতিৰ সাংগঠনিক সম্পাদক ছাহিদুৰ ৰহমান , বাঘমাৰী আঞ্চলিক সমিতিৰ সভাপতি ইমাম হুছেইন,প্ৰাক্তন সাধাৰণ সম্পাদক দিল ইছলাম,বিত্ত সম্পাদক আশ্ৰাফ আলী,সহঃসম্পাদক দিলদাৰ হুছেইন,সহঃসম্পাদক চুলতান আলী , শিক্ষা সম্পাদক ছাইফুল ইছলাম আৰু জিনজিয়া আঞ্চলিক সমিতিৰ সভাপতি ইয়াচিন আলীৰ লগতে বিভিন্ন পৰ্যায়ৰ বিষয়-ববীয়া উপস্থিত থাকে ।