পোষ্টেল বেলট সম্পৰ্কত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৱাকাথন

68


পোষ্টেল বেলট সম্পৰ্কত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৱাকাথন

পঙ্কজ নাথ, চাংসাৰি , ৬ মাৰ্চ : ভাৰতৰ নিৰ্বাচন আয়োগে পোষ্টেল বেলটৰে ভোটদান কৰিবলৈ সুবিধা প্ৰদান কৰা ৮০ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি, দিব্যাংগ আৰু কোভিড -১৯ সন্দেহযুক্ত বা আক্রান্ত ভোটাৰ সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে কামৰূপ জিলা প্ৰশাসনে আজি এক ৱাকাথন তথা পদযাত্ৰা উলিয়ায় । জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সম্মুখৰ পৰা উলিওৱা এই ৱাকাথন পতাকা জোকাৰি আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে । ৱাকাথনত ভালে সংখ্যক জ্যেষ্ঠ নাগৰিক, দিব্যাংগ ব্যক্তিৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া, কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে । ৱাকাথনত অংশ গ্ৰহণকাৰী সকলে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সম্মুখৰ পৰা আমিনগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বাংলালৈ শোভাযাত্ৰা কৰি গৈ তাত এই উপলক্ষে অনুষ্ঠিত এক সভাত অংশ গ্ৰহণ কৰে । সভাত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে এইবাৰ নিৰ্বাচন আয়োগে ৮০ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি, দিব্যাংগ আৰু কোভিড-১৯ সন্দেহযুক্ত বা আক্রান্ত ভোটাৰ সকলে ইচ্ছা কৰিলে ঘৰৰ পৰাই পোষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰাৰ যি সুবিধা প্ৰদান কৰিছে সেই বিষয়ে বিস্তৃত ভাবে ব্যখ্যা কৰে । উপায়ুক্ত গৰাকীয়ে লগতে কয় যে, এই শ্ৰেণীৰ ভোটাৰ সকলৰ বাবে জিলা প্ৰশাসনে প্ৰণালীবদ্ধ ভাবে ব্যৱস্থা লৈছে । তেওঁ পুনৰ কয় যে ভোটাধিকাৰ লাভ কৰা কোনো নাগৰিকেই যাতে ভোটদানৰ পৰা বঞ্চিত নহয় তাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে জিলা প্ৰশাসনে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ভোট গ্ৰহণ কেন্দ্ৰলৈ আহি ভোটদান কৰিবলৈ বিচৰা জ্যেষ্ঠ নাগৰিক, দিব্যাংগ ভোটাৰ সকলেও যাতে সুচলভাবে ভোট গ্ৰহণ কেন্দ্ৰলৈ আহি ভোটদান কৰিব পাৰে তাৰ বাবেও প্ৰশাসনে ব্যৱস্থা লৈছে বুলি তেওঁ কয় । জিলা উপায়ুক্ত গৰাকীয়ে নিৰ্বাচন আয়োগৰ এই নতুন ব্যৱস্থাৰ বিষয়ে জনসাধাৰণৰ মাজত অধিক সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানত সহকাৰী আয়ুক্তদ্বয় ছেহনাব চাহিন আৰু কৌস্তুব ৰয়, শিশু সাৰথিৰ উপ-সঞ্চালিকা অম্বালিকা সেনাপতিও ভাষণ দিয়ে । অনুষ্ঠানত সহকাৰী আয়ুক্ত মিতালী চন্দ্ৰাকে ধৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াই অংশগ্ৰহণ কৰা দেখা যায় । উল্লেখ্য যে, ভাৰতৰ নিৰ্বাচন আয়োগে এইবাৰ ৮০ বছৰ বয়সৰ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিক, দিব্যাংগ ব্যক্তি আৰু কোভিড-১৯ সন্দেহযুক্ত বা আক্রান্ত ভোটাৰ সকলৰ বাবে ডাক ভোট অৰ্থাৎ পোষ্টেল বেলটৰ ব্যৱস্থা কৰিছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি কামৰূপ নিৰ্বাচন জিলাৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টি ৪৮ নং বকো (অনুসুচিত জাতি) ৪৯ নং ছয়গাঁও, ৫০ নং পলাশবাৰী আৰু ৫৫ নং হাজো বিধানসভা সমষ্টিৰ এই শ্ৰেণীৰ ভোটাৰ সকলৰ বাবে প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে । সেই মৰ্মে, বুথ পৰ্যায়ৰ বিষয়া সকলে নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পাঁচ দিনৰ ভিতৰত পোষ্টেল বেলটৰ সুবিধা লব বিচৰা ভোটাৰসকলৰ বাবে ঘৰে ঘৰে গৈ প্র-পত্ৰ ১২ (ঘে) বিতৰণ কৰিব । তাৰ পিছত নিৰ্বাচন অধিসূচনা জাৰি হোৱাৰ পাঁচ (৫) দিনৰ ভিতৰতে বি এল অ গৰাকীয়ে পুনৰ সংশ্লিষ্ট ভোটাৰ গৰাকীৰ ঘৰলৈ গৈ পূৰণ কৰা প্ৰ-পত্ৰ তথা আবেদন পত্ৰ সংগ্ৰহ কৰিব । নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাঁচ দিনৰ ভিতৰতে পোষ্টেল বেলটেৰে ভোট দান কৰিব বিচৰা এনে ব্যক্তিসকলৰ পৰা বি এল অ সকলে আবেদন পত্ৰসমূহ সংগ্ৰহ কৰি ৰিটাৰ্নিং বিষয়াক দাখিল কৰিব । ইয়াৰ পিচত ৰিটাৰ্নিং বিষয়াই আবেদনকাৰীৰ তথ্য সমূহ ভোটাৰ তালিকা মতে পৰীক্ষা কৰিব আৰু আবেদনকাৰী ভোটাৰৰ তথ্য ভোটাৰ তালিকা অনুসুৰি শুদ্ধ বুলি বিবেচিত হলে এই শ্ৰেণীৰ ভোটাৰ সকলক পোষ্টেল বেলট প্ৰদান কৰা হব আৰু এনে পোষ্টেল বেলটৰ সুবিধা লাভ কৰা ভোটাৰ সকলে যাতে ভোট গ্ৰহণ কেন্দ্ৰত ভোটদানৰ সুবিধা লাভ নকৰে সেয়া নিশ্চিত কৰিব । তদুপৰি, প্র -পত্ৰ ১২ ঘে) যোগে দাখিল কৰা ৮০ বছৰ বয়সৰ উৰ্দ্ধৰ আৰু দিব্যাংগ ভোটাৰসকলৰ আবেদন সমূহৰ যিবোৰত ৰিটাৰ্ণিং বিষয়াই অনুমোদন কৰে সেইসকল ভোটাৰৰ নামৰ তালিকাৰ ছপা প্রতিলিপি স্বীকৃত ৰাজনৈতিক দলৰ প্রতিদ্বন্দী প্ৰাৰ্থীসকলৰ মাজত বিতৰণ কৰা হব । কোভিড -১৯ সন্দেহযুক্ত বা আক্ৰান্ত ভোটাৰসকলৰ ঘৰৰ পৰা আবেদন প্ৰ-পত্ৰ সংগ্ৰহ কৰিবলৈ যোৱা বিষয়াক পি পি ই কিট যোগান ধৰা হ’ব। পোষ্টেল বেলটৰ এই প্ৰক্ৰিয়াটো মুক্ত আৰু নিকাকৈ ৰূপায়ণৰ বাবে কামৰূপ নিৰ্বাচন জিলাৰ জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্তই নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । তদুপৰি, চিহ্নিত পোষ্টেল বেলট সমূহ সংগ্ৰহৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হব যাতে সেই সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে নিৰ্ধাৰিত তাৰিখৰ এদিনৰ পূৰ্বে এই পোষ্টেল বেলট সমূহৰ সংগ্ৰহ সম্পূৰ্ণ হয় । উল্লেখ্য যে এনে শ্ৰেণীৰ ভোটাৰ সকলে প্ৰ-পত্ৰ-১২ (ঘ)ৰ সৈতে তেওঁ যে অনুপস্থিত ভোটাৰৰ শ্ৰেণীত পৰে তাৰ প্ৰমাণ পত্ৰ গাঁঠি দিব লাগিব । কোভিড -১৯ সন্দেহযুক্ত বা আক্ৰান্ত সকলে চিকিৎসকৰ প্ৰমান-পত্ৰ দিব লাগিব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে ।