ফেচবুক সাংবাদিকে হোজাইত কিশোৰীৰ লগত অবৈধ সম্পৰ্ক কৰি জন্ম দিলে সন্তান , জিলা আইনসেৱা প্ৰাধিকৰণ আৰু শিশু সুৰক্ষা সমিতিৰ কঠোৰ পদক্ষেপ

253

ফেচবুক সাংবাদিকে হোজাইত কিশোৰীৰ লগত অবৈধ সম্পৰ্ক কৰি জন্ম দিলে সন্তান , জিলা আইনসেৱা প্ৰাধিকৰণ আৰু শিশু সুৰক্ষা সমিতিৰ কঠোৰ পদক্ষেপ
ষ্টাফ ৰিপৰ্টাৰ, ১৬ মাৰ্চঃ হোজাই জিলাত এজন ফেচবুক সাংবাদিকে মানৱ সমাজক লজ্জিত কৰা ঘটনা সংগঠিত কৰিলে।যমুনা এন ই (Jamuna N.E) নামৰ ফেচবুক পেজটোৰ তথাকথিত সাংবাদিক মিনহাজুৰে এজনী চৌধ্য বছৰীয়া কিশোৰীক ফুচুলাই প্ৰেমৰ অভিনয় কৰি দুবছৰ ধৰি শাৰীৰিক সম্পৰ্ক কৰি আহিছিল । মোৰাজাৰ আৰক্ষী থানাৰ অন্তৰ্গত দেৱস্তান এলেকাৰ উক্ত কিশোৰীগৰাকীৰ পৰিয়ালৰ আৰ্থিক অৱস্থা অতি শোচনীয় আৰু ইয়াৰে সুযোগ লৈ মিনহাজুল নামৰ তথাকথিত সাংবাদিকজনে কিশোৰীগৰাকীক চলাইছিল শাৰীৰিক শোষণ । যোৱা বৃহস্পতিবাৰে কিশোৰী গৰাকীয়ে এটি সন্তানৰ জন্ম দিয়াক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ভুক্তভোগী পৰিয়ালটোৱে আইনৰ দ্বাৰস্থ হোৱাৰ চেষ্টা কৰিছিল যদিও অঞ্চলটোৰ মাতব্বৰ প্ৰকৃতিৰ কিছুমানলোকৰ ধমকিত থমকি ৰৈছিল পৰিয়ালটো ।

দুৰ্নীতিৰ দৰ্পণ কাকতৰ ৱেৱচাইটত আজি নিউজ প্ৰকাশ হোৱাৰ পিছত হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ আৰু শিশু সুৰক্ষা সমিতিৰ বিষয়াই দেৱস্তান আৰক্ষীৰ সহযোগত ভুক্তভোগীৰ ঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ উপৰিও ভুক্তভোগীক আৰ্থিক আৰু আইনী সাহাৰ্য দিয়াৰ আশ্বাস দিয়ে । সমাজৰ কিছুমান প্ৰভাৱশালী লোকৰ পৰা পোৱা ধমকিৰ ফলত পৰিয়ালটোৱে এজাহাৰ লিখাইও দাখিল কৰিব পৰা নাছিল যদিও উপস্থিত হোৱা সকলোৰে পৰা পোৱা আশ্বাসৰ ভিত্তিত এজাহাৰ দাখিল কৰে । জিলা আইনসেৱা প্ৰাধিকৰণৰ পেনেল অধিবক্তা ৰোহিনা ৱাৰিছে ভুক্তভোগীক সম্পুৰ্ণ ন্যায় প্ৰদানৰ আশ্বাস প্ৰদানৰ উপৰিও এনেকুৱা ঘটনা ভৱিষ্যতে নহবলৈ সকলোকে সতৰ্ক থাকিবলৈ আহ্বান জনায় । শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ কঠোৰ শাস্তিৰ বিষয়ে জনায় ৰোহিনা ৱাৰিছে । শিশু সুৰক্ষা সমিতিৰ বিষয়াই আইনী প্ৰক্ৰিয়াত যাতে নবজাতকৰ লগতে কিশোৰী গৰাকীৰ কষ্ট যাতে নহয় , তাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষীক আহ্বান জনায় । ইফালে , অভিযুক্ত মিনহাজুলে নিজকে সম্পূৰ্ণ নিৰ্দোষী বুলি জনোৱাৰ উপৰিও এয়া তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি কয় । উক্ত ঘটনাৰ ফলত দেৱস্তান অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অপৰাধীক চিনাক্ত কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনায় অঞ্চলটোৰ সচেতন ৰাইজে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here