বটদ্ৰৱাত গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন

39

বটদ্ৰৱাত গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা, ইমামুল ইছলাম, ডুমডুমীয়া,২৯জানুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে আজি নগাঁও জিলাৰ বটদ্ৰৱা থানাত ৭২সংখ্যাক প্ৰতিষ্ঠা দিৱসটি পালন কৰা হয় । সেই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে বটদ্ৰৱা থানা গাওঁৰক্ষী বাহিনীৰ সভাপতি ইন্দ্ৰ মোহন বৰুৱাই । বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে । প্ৰতিষ্ঠা দিৱসটিত সভাপতিত্ব কৰে ধনীয়া ভেটি হাইস্কুলৰ প্ৰধান শিক্ষক ৰফিকুল ইছলামে । বটদ্ৰৱা থানা কমিটিৰ সম্পাদক মোহন বৰুৱাই আঁত ধৰা অনুস্থানটোত মীন বিভাগৰ ফজৰ আলী,ভাৰতীয় জনতা দলৰ বটদ্ৰৱা মণ্ডলৰ সভানেত্রী দুলু মণি কলিতা,সোমনাথ বৰা,থানা কমিটিৰ প্ৰাক্তন সভাপতি পদ্ম কান্ত বৰা,জাতিৰাম বৰা,সাংবাদিক নিতুমণি গোস্বামী,কন্দৰ্প কলিতা,মুস্তাফা চালিম আহমেদে ভাষন প্ৰদান কৰে । ৰাইজৰ মনোৰঞ্জনৰ বাবে কনমাণি শিল্পী শমিষ্ঠা কলিতাই বিহু নৃত্য প্ৰদৰ্শন কৰে । সভাখনত খগেন কলিতা ,আব্দুল হাই,বটামাৰী হাইডুবী গাওঁ ৰক্ষী বাহিনীৰ সভাপতি ইমামূল ইছলাম,সংচেৰ আলীৰ লগতে গাওঁৰক্ষী বাহিনীৰ বহু সংখ্যাক লোক উপস্থিত আছিল । বটদ্ৰৱা বৰহিছা গাওঁৰক্ষী বাহিনীৰ সম্পাদক পংকজ কলিতাই শলাগৰ শৰাই আগবঢ়োৱা সভাখনত খগেন কলিতা আৰু বীণা বৰুৱাই গীতেৰে ৰাইজক আল্পুত কৰি তোলে ।

Total Page Visits: 2 - Today Page Visits: 1