বটদ্ৰৱাত তুংগত উঠিছে বিধায়িকা আঙুৰলতা ডেকাৰ নিৰ্বাচনী প্ৰচাৰ , স্বভাৱসুলভ ভংগীমাৰে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা

48

বটদ্ৰৱাত তুংগত উঠিছে বিধায়িকা আঙুৰলতা ডেকাৰ নিৰ্বাচনী প্ৰচাৰ , স্বভাৱসুলভ ভংগীমাৰে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা

দুৰ্নীতিৰ দৰ্পণ সেৱা , বটদ্ৰৱা , ১৫ মাৰ্চঃ বটদ্ৰৱাত তুংগত উঠিছে বিজেপি প্ৰাৰ্থী আঙুৰলতাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থী সকলে ভোটাৰৰ মন জয় কৰিবলৈ অৱলম্বন কৰিছে বিভিন্ন কৌশল । বাদ পৰি থকা নাই বিজেপি অগপ মিত্ৰজোটৰ প্ৰাৰ্থী আঙুৰলতা ডেকাও । সমষ্টিটোত ডাঙৰ ডাঙৰ সভা সমিতিৰ পৰিবৰ্তে আঙুৰলতা ডেকাই ভোটাৰৰ ঘৰে ঘৰে চুকে কোণে গৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ । বটদ্ৰৱা থানৰ অভিলাষী প্ৰকল্প আৰু সমষ্টি উন্নয়নক মূল ইচ্ছু হিচাপে লৈ সমষ্টিৰ চুকে কোণে এনেদৰেই চলাইছে নিৰ্বাচনী প্ৰচাৰ আঙুৰলতা ডেকাই । কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে বটদ্ৰৱাৰ উন্নয়ণ নোহোৱা বুলি নিৰ্বাচনী সভাত আঙুৰলতাক কটাক্ষ কৰা কথাৰ প্ৰত্যুত্তৰ দি আঙুৰলতাই কংগ্ৰেছক কলি যুগৰ অন্ধমুনি আখ্যা দিলে । সমষ্টিটোৰ আইভেটিত নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰি ভোটাৰৰ ঘৰত প্ৰৱেশ কৰাত মহিলা সকলে কাষত পায় আঙুৰলতাক । নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহোতে খোল তাল বজাই এনেদৰেই আদৰি অনা দেখিবলৈ পোৱা গ’ল বিধায়িকা গৰাকীক ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here