বটদ্ৰৱাত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰিয়ংকা গান্ধী , “বিগত ৫ টা বছৰত বিজেপি চৰকাৰে অসমৰ ভাষা-সংস্কৃতি ধ্বংস কৰাৰ কাম কৰিলে”

56

বটদ্ৰৱাত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰিয়ংকা গান্ধী , “বিগত ৫ টা বছৰত বিজেপি চৰকাৰে অসমৰ ভাষা-সংস্কৃতি ধ্বংস কৰাৰ কাম কৰিলে”

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও , ২২ মাৰ্চঃ ‘এইখন পৱিত্ৰ ভূমি । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি । বহিঃৰাজ্যৰ পৰা অহা লোক সকলে অসমক বুজিবলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাণীক বুজিব লাগিব । তেওঁৰ বাৰ্তাক বুজিব লাগিব । কাৰণ সেই বাৰ্তাৰ ওপৰতে অসমৰ স্থিতি বিৰাজমান । সেই বাৰ্তাৰ ওপৰত ভিত্তি কৰিয়েই এইখন সমাজ সৃষ্টি হৈছে ।’- এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ । আজি বটদ্ৰৱা বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰাৰহৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বাটমাৰী হাইডুবি আঞ্চলিক খেলপথাৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে-‘বিজেপিৰ নেতা সকলে যেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ নাম লয় তেতিয়া মই আচৰিত হও । কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শৰ লগত তেওঁলোকৰ কাৰ্যকলাপৰ পাৰ্থক্য আছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজখনক একত্ৰিত কৰিছিল । বিভক্ত কৰা নাছিল । তেওঁ সংস্কৃতি সৃষ্টি কৰিছিল আৰু ইয়াক শক্তিশালী কৰিছিল । সংস্কৃতি ধ্বংস কৰা নাছিল । কিন্তু বিগত ৫ টা বছৰত বিজেপি চৰকাৰে অসমৰ ভাষা- সংস্কৃতি ধ্বংস কৰাৰ কাম কৰিলে ।’ তেওঁ লগতে কয় যে-বিজেপিয়ে যি ‘কা’ আইন প্ৰৱৰ্তন কৰিব বিচাৰিছে ই সমাজখনক বিভাজিত কৰিব । যাৰ দ্বাৰা অসমৰ সংস্কৃতিৰ ওপৰত আঘাত আহিব । বিজেপিৰ নেতা সকল দুমূখীয়া বুলি মন্তব্য কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে-‘অসমত একো নোকোৱা বিজেপি নেতাই বেংগলত গৈ কয় আমি ‘কা’ বলবৎ কৰিম । তামিলনাডুত নিৰ্বাচনী ইস্তাহাৰত ‘কা’ বলবৎ নকৰো বুলি লিখিছে । বিজেপিৰ একেখিনি মানুহেই তামিলনাডুত এটা মন্তব্য,অসমত এটা আৰু বেংগলত এটা মন্তব্য কৰে । তেওঁলোকে ভাবে জনসাধাৰণৰ বুৰ্বক । তেওঁলোকে ভাবে টি ভি, বাতৰি কাকত নাই । ৰাইজে নাজানিব । যেতিয়া অসমত ‘কা’ বিৰোধী আন্দোলন চলিছিল , তেতিয়া তেওঁলোক ক’ত আছিল । অসমৰ সম্পদ নদী অসমৰ ৰাইজৰ বুলি মন্তব্য কৰি তেওঁ কয় যে-‘ইয়াৰ সমাজ-সংস্কৃতি আপোনালোকৰ । বাহিৰৰ পৰা অহা কোনেও আপোনালোকৰ দৰে এই সংস্কৃতিক ৰক্ষা কৰিব নোৱাৰে । সেয়ে যেতিয়া আপোনালোকৰ সন্মুখত কোনো নেতাই যদি মিছা কথা কয় , তাক আপোনালোকে বুজক । বিজেপিৰ নেতাসকলে কয় এটা আৰু কৰে এটা ।অসমৰ সকলো সম্পত্তি তেওঁলোকে বিক্ৰী কৰিব বিচাৰিছে । অ এন জি চি , তেল শোধনাগাৰ বিক্ৰী কৰিব বিচাৰিছে ।ৰাইজৰ ধন অৰ্থাৎ চৰকাৰী ধনৰে নিৰ্মিত বিমানবন্দৰ বিক্ৰী কৰি দিছে । তৈল ক্ষেত্ৰ বিক্ৰী কৰিব বিচাৰিছে । অসমৰ সকলো সম্পদ কেইজনমান উদ্যোগপতিক বিক্ৰী কৰাত তেওঁলোক ব্যস্ত ।’ তেওঁ লগতে কয়-‘বিজেপিয়ে ২৫ লাখ চাকৰি দিম বুলি কৈছিল । কিন্তু ৫ লাখ চাকৰিও দিব পৰা নাই । অসমৰ যুৱক-যুৱতীয়ে নিজে আত্মসন্মানৰে জীয়াই থাকিব বিচাৰে । আমি আপোনালোকৰ বাবে মিছা প্ৰতিশ্ৰুতিলৈ অহা নাই । আমি কৈছো যে , আমি ৫ লাখ চাকৰি দিম । আমি ২৫ লাখ বুলি কোৱা নাই । কাৰণ আমি জানো আমি ৫ লাখ চাকৰি দিব পাৰিম ।’ মহিলা সকলক প্ৰশংসা কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে-‘মহিলা সকলে পৰিয়াল , সমাজৰ দায়িত্ব লয় । এই মহিলা সকলৰ দুখৰ সমভাগী কোনো হোৱা নাই ।কিন্তু কংগ্ৰেছে এইবাৰ তেওঁলোকৰ শ্ৰমৰ মৰ্যাদা দিব । প্ৰতিগৰাকী মহিলাক ২০০০ টকা তেওঁলোকৰ বেংক একাউণ্টত দিব ।বিজেপিত দুজন মুখ্যমন্ত্ৰী বুলি কটাক্ষ কৰি তেওঁ কয় যে-‘আপোনালোকে নাভাবিব দুটা ইঞ্জিনৰ ৰেলৰ দৰে ই গতি কৰিব । তেওঁলোক নিজেই বিভাজিত । গতিকে , দুটা দিশে টানিব । আপোনালোকক যদি বিকাশ লাগে , নিজৰ সম্পদ নিজৰ কাষত ৰাখিব বিচাৰিছে , তেন্তে বিজেপিক উৎখাৎ কৰক আৰু কংগ্ৰেছক ভোট দিয়ক । এখন অসমীয়া চৰকাৰ গঠন কৰক ।’ সভাত কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং , সাংসদ প্ৰদ্যুত বৰদলৈ, সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, বটদ্ৰৱাৰ মহাজোটৰ প্ৰাৰ্থী শিবামনি বৰা, ৰহাৰ কংগ্ৰেছ প্ৰাৰ্থী শশী কান্তদাস আদি উপস্থিত থাকে । উল্লেখযোগ্য যে , গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত পোন প্ৰথমবাৰৰ বাবে উপস্থিত হোৱা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে সভাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ জাপি বাটচৰাৰে প্ৰবেশ কৰি শৰাই নৈবেদ্য লৈ বটদ্ৰৱা থানৰ কীৰ্তনঘৰত প্ৰবেশ কৰে । বটদ্রৱা থানৰ কীৰ্তনঘৰত ভকত বৈষ্ণৱৰ আশীৰ্বাদ গ্ৰহণ কৰি গুৰুজনাৰ পবিত্ৰ ভূমিলৈ আহি নিজকে ধন্য মানিছো বুলি তেওঁ মন্তব্য কৰে । বটদ্ৰৱা থান প্ৰাংগনত গায়ন বায়ন, দিহা নাম আদি সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি প্ৰিয়ংকা গান্ধীক আদৰণি জনোৱা হয় । শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই আঁত ধৰা অনুষ্ঠানত বটদ্রৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী,শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহনন্তকে প্ৰমুখ্য কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য সকলে শৰাই,ধৰ্মবস্ত্ৰ,কুহিলা কঠেৰে প্ৰিয়ংকা গান্ধীক আদৰনি জনায় ।