বটদ্ৰৱাৰ কদমনিত নয় ৰশ্মি আঁচনিৰ অধীনত সংখ্যালঘু মহিলাৰ প্ৰশিক্ষণৰ সফল সামৰণি

31

বটদ্ৰৱাৰ কদমনিত নয় ৰশ্মি আঁচনিৰ অধীনত সংখ্যালঘু মহিলাৰ প্ৰশিক্ষণৰ সফল সামৰণি

দুৰ্নীতিৰ দৰ্পণ সেৱা ,নজৰুল ইছলাম , বটদ্ৰৱা ৩ মাৰ্চ : ভাৰত চৰকাৰৰ সংখ্যালঘু উন্নয়ন মন্ত্ৰালয়ৰ অৰ্থ সাহায্যত হোজাই সেচ্চাসেৱী সংগঠন আজমল ফাউণ্ডেশ্যনৰ ব্যৱস্থাপনাত “নয় ৰশ্নি”আচঁনিৰ অধীনত বটদ্ৰৱাৰ কদমনিত যোৱা ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰৰ আজি সফল সামৰণি পৰে । সংখ্যালঘু অনগ্ৰসৰ মহিলা সকলক প্ৰশিক্ষণৰ শিবিৰৰ প্ৰজেক্ট হেড তথা আজমল ফাউণ্ডেশ্যনৰ আচঁনিৰ সদস্য ইক্ৰামুল হাচানে আঁতধৰা অনুষ্ঠানটিত জেষ্ঠ শিক্ষক আবু তালেব ছিদ্দিক উপস্থিত থকি কয় যে , এখন ঘৰত এজনী মহিলা শিক্ষিত তথা আত্ম নিৰ্ভৰশীল হলে , ঘৰ খন সুৰক্ষিত হয় । বটদ্ৰৱাৰ জেষ্ঠ সাংবাদিক তথা প্ৰশিক্ষক মাজিদুল ইছলামে ভাষণ প্ৰদান কৰি কয় যে ,সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা সকলে ঘৰৰ ভিতৰত সীমাবদ্ধ নাথাকি সমাজ খনৰ লগতে বাহিৰৰ জগত খনলৈ ওলাই আহি ভাল চিন্তাৰে কেনেকৈ আগুৱাই গৈ স্বাভলম্বী হব পাৰি , তাৰ চিন্তা কৰাৰ লগতে সাভলম্বী হব লগে। সভাত প্ৰশিক্ষক জেৰিফা ৱাহিদে ভাষণ প্ৰদান কৰে। পাঁচটাকৈ ক্লাছত ২৫ জনীকৈ মুঠ ১২৫ গৰাকী মহিলাক ৬ দিনকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। সভাত প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰে স্থানীয় গাওঁবুঢ়া ৰিয়াজ উদ্দিন,সমাজ সেৱক ক্ৰমে আলাল উদ্দিন , জালাল উদ্দিনে ।