বটদ্ৰৱা সমষ্টিৰ আলিম উলেমা সকলৰ মুকলি সমৰ্থন মহাজোটৰ প্ৰাৰ্থী শিৱামনীক , বিজেপিৰ সাম্প্ৰদায়িক শক্তিক উৎখাত কৰাৰ আহ্বান আলিম সমাজৰ

67

বটদ্ৰৱা সমষ্টিৰ আলিম উলেমা সকলৰ মুকলি সমৰ্থন মহাজোটৰ প্ৰাৰ্থী শিৱামনীক , বিজেপিৰ সাম্প্ৰদায়িক শক্তিক উৎখাত কৰাৰ আহ্বান আলিম সমাজৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা,নজৰুল ইছলাম , বটদ্ৰৱা , ১৮ মাৰ্চ : বিগত সময়চোৱাত অসম তথা অসমীয়া জাতিৰ মাজত বিভেদ আৰু ধৰ্মীয় মেৰুকৰণ তথা আবেগৰ ৰাজনীতিৰ ঢৌ সৃষ্টি কৰি শংকৰ-আজানৰ মিলনভূমিৰ ঐক্য-শান্তি-সম্প্ৰীতি বিনষ্ট কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰি থকা বিজেপি চৰকাৰৰ প্ৰবঞ্চনা , প্ৰতাৰণা , ভ্রষ্টাচাৰ আৰু অপ-শাসনৰ আঁতৰাই সুস্থ-সৱল সকলো স্তৰৰ ৰাইজৰ গ্ৰহণযোগ্য চৰকাৰ গঠন কৰিবলৈ ধৰ্মীৰ নিৰপেক্ষ ৰাজনৈতিক দল সমূহে কংগ্ৰেছ নেতৃত্বত মহাযোট গঠন কৰি একে লগে বিজেপিক উৎখাত কৰাৰ বাবে আজি বটদ্ৰৱা সমষ্টিৰ কটহগুৰি টুকটুকী দাৰুল উলুম মাদ্ৰাছাত এখনি সভা অনুষ্ঠিত কৰি আলিম সমাজে পূৰ্ণ সমৰ্থন আগবঢ়ায় । উল্লেখযোগ্য যে , বিজেপিক সহায় কৰিবলৈ আগবাঢ়ি অহা আমাৰ মাজৰে বিশেষ ‘অপ শক্তিক’সম্পূৰ্ণৰূপে প্ৰত্যাখান কৰিবলৈ আহ্বান জনাই সৰ্বসন্মতভাৱে সভাত প্ৰস্তাৱ গ্ৰহণ কৰে । উক্ত সভাতে কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী শিৱামনী বৰাক কাষত বহুৱাই লৈ উলেমা সকলে আগবঢ়ালে পূৰ্ণ সমৰ্থন। শিৱামনী বৰায়ো উলেমা সকলক কাষত পাই আনন্দিত হৈ আৰু কয় , এইবাৰ বটদ্ৰৱা সমষ্টি কংগ্ৰেছ দখলত আহিব । বটদ্ৰৱা সমষ্টিৰ উলামা সমাজৰ হৈ মুফতি আনুৱাৰুল হ’ক চৌধুৰী , মুফতি আব্দুল কৰিম কাছিমী , মোজাম্মেল হুছেইন আৰু আবু আউৱাল , হাজী চান মিয়া , মৌলানা মুখলেছুৰ ৰহমান , আবুল হুছেইনৰ লগতে কেইবা শতাধিক উলামা সমাজে মহাজোটৰ প্ৰাৰ্থী শিৱামনি বৰাক সংখ্যালঘু ৰাইজক ভোট দান কৰিবলৈ মুকলি আহব্বান জনায় । উল্লেখ্য ,আজি আলিম সমাজে শিবামনি বৰাক মুকলি সমৰ্থনে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আঙুৰলতা ডেকাৰ সন্মুখত এক প্ৰত্যাহ্বান সৃষ্টি কৰিব এয়া নিশ্চিত ।