বদৰুদ্দিন আজমলক অসমৰ পৰা শাৰীৰিক ভাবে নহয় , ৰাজনৈতিক ভাৱে গতিয়াই গতিয়াই খেদিব লাগিব:হিমন্ত বিশ্ব শৰ্মা

73

বিশ্বনাথত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল বাইক ৰেলীৰে নিৰ্বাচনী ৰণডংকা

বদৰুদ্দিন আজমলক অসমৰ পৰা শাৰীৰিক ভাবে নহয় , ৰাজনৈতিক ভাৱে গতিয়াই গতিয়াই খেদিব লাগিব:হিমন্ত বিশ্ব শৰ্মা
অসমত লাচিত আৰু চিলাৰায়ক ম’ডিফাই কৰি চিৰাজুদ্দিন আৰু বদৰুদ্দিন আজমল কৰি দিলে:হিমন্ত বিশ্ব শৰ্মা

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথঃ বিশ্বনাথ বিধানসভা সমষ্টিত আজি হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিশাল বাইক ৰেলীত অংশ গ্ৰহণ কৰে । বিশ্বনাথৰ কেইবাখনো গাঁৱত মন্ত্ৰী গৰাকীয়ে বাইক ৰেলী কৰি পিছত বিশ্বনাথৰ চন্দ্ৰপুৰ বাকৰিত এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে । এই নিৰ্বাচনী সভাতে মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত কয়,”মই কংগ্ৰেছ দলত ২১ বছৰ আছিলো । এশ বছৰীয়া কংগ্ৰেছ দলত মহাত্মা গান্ধী আছিল ,লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল , দেশভক্ত তৰুণ ৰাম ফুকন আছিল। আনকি স্বাধীনতা আন্দোলনৰ সময়ত জ্যোতি প্ৰসাদ আগৰৱালাও আছিল । কিন্তু আজি এই কংগ্ৰেছ দলে বদৰুদ্দিন আজমলৰ বোকোছাত উঠি ললে । অসমত বদৰুদ্দিন আজমলৰ বাহিৰে মিত্ৰতা কৰিবলৈ আন কোনো নাছিল নেকী ?” হিমন্ত বিশ্ব শৰ্মাই আনকি কংগ্ৰেছক দিয়া প্ৰতিটো ভোটে আমাৰ অসমৰ জনসাধাৰণক দুৰ্বল কৰিব আৰু আমাক আজমলৰ ওচৰত আত্ম সমৰ্পন কৰিবলৈ বাধ্য কৰিব বুলি উল্লেখ কৰাৰ লগতে এইবাৰৰ নিৰ্বাচনত অসমৰ ৰাইজে আজমলক শাৰীৰিক ভাৱে নহয় ৰাজনৈতিক ভাৱে গতীয়াই খেদিব লাগিব । কাজিৰঙাৰ গঁড় কেইটাৰ পৰা বৰদোৱালৈকে,তেজপুৰৰ পৰা বিশ্বনাথলৈকে আমাৰ কোনো মানুহক সংস্কৃতি আৰু সভ্যতাক লৈ জীয়াই থাকিবলৈ নিদিব বুলিও প্ৰকাশ কৰে । মন্ত্ৰী গৰাকীয়ে কয়,”কংগ্ৰেছ দলে বদৰুদ্দিন আজমলৰ বোকোছাত উঠি লৈ অসমৰ সমগ্ৰ পৰিবেশ বিনষ্ট কৰি পেলাইছে ।” আনহাতে , মন্ত্ৰী গৰাকীয়ে ভাষণৰ দ্বাৰা উল্লেখ কৰে যে , এই নিৰ্বাচনত ভাৰত,অসম,সনাতন আৰু বদৰুদ্দিন আজমল এই দুই পক্ষ থিয় আছে । এই নিৰ্বাচন সভ্যতা ৰক্ষাৰ নিৰ্বাচন আৰু বিকাশৰ মহাৰণ । মন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে , অসমত কংগ্ৰেছে লাচিত আৰু চিলাৰায়ক মডিফাই কৰি চিৰাজুদ্দিন আৰু বদৰুদ্দিন আজমল কৰি দিলে । গতিকে , ৰাইজ আপোনালোকে বিশ্বনাথৰ বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰক এইবাৰ ৪০ হাজাৰ ভোটত জিকোৱাৰ সিদ্ধান্ত লব লাগিব । আজিৰ এই সভাত সাংসদ পল্লবলোচন দাস , বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰে ৰাইজক সম্বোধি বক্তব্য প্ৰদান কৰে।