বাঘবৰ সমষ্টিত বিজেপিয়ে দিলে চৰাঞ্চলৰ যুৱতী হাচিনাৰা খাটুনক প্ৰাৰ্থীত্ব , দলীয় নেতা কৰ্মীৰ ব্যাপক উৎসাহ

44

বাঘবৰ সমষ্টিত বিজেপিয়ে দিলে চৰাঞ্চলৰ যুৱতী হাচিনাৰা খাটুনক প্ৰাৰ্থীত্ব , দলীয় নেতা কৰ্মীৰ ব্যাপক উৎসাহ
প্ৰতিবেদক হাউলী, ১৫ মাৰ্চঃ প্ৰায় ১০০ শতাংশ ধৰ্মীয় সংখ্যালঘু ভোটাৰ অধ্যুষিত বৰপেটা জিলাৰ ৪৫ নং বাঘবৰ বিধানসভা সমষ্টিত বিজেপিয়ে হাচিনাৰা খাতুনক প্ৰদান কৰিছে দলীয় প্ৰাৰ্থীত্ব ৷ দেওবাৰে বিজেপিয়ে ঘোষনা কৰা প্ৰাৰ্থী তালিকাত হাচিনাৰা খাতুনে বিজেপিৰ টিকট লাভ কৰাক লৈ সমষ্টিৰ দলীয় কৰ্মীসকলৰ মাজত আনন্দ উল্লাসৰ পৰিক্ষিত হৈছে ৷ দলীয় কৰ্মীসকলে আজি ফটকা ফুটাই, সম্বৰ্ধনা প্ৰদানেৰে প্ৰাৰ্থীগৰাকীক বিপুলভাৱে আদৰনি জনায় ৷ বাঘবৰ সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ মাজৰ অতিকৈ দূৰ্গম অঞ্চলৰ চৰ গাঁওৰ বাসিন্দা হাচিনাৰা খাতুন নামৰ যুৱতীগৰাকীক দলীয় টিকট প্ৰদানৰ সিদ্ধান্তক আদৰনি জনাইছে সমষ্টিটোৰ দলীয় নেতা-কৰ্মীসকলে ৷ আনহাতে বিজেপি দলে তেওঁক টিকট প্ৰদান কৰাৰ বাবে দলৰ নেতা সকলক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে এয়া সংখ্যালঘু সম্প্ৰদায়ৰ বাবে এক সুযোগ বুলি মন্তব্য কৰে আৰু বাঘবৰৰ পৰা তেওঁক বিজয়ী কৰি পঠাবলৈ আহ্বান জনায় ৷ সম্প্ৰতি বিৰোধী পক্ষত থাকি সমষ্টিৰ উন্নয়ন সম্ভৱ নহয় আৰু তাৰ বাবে চৰকাৰ গঠন কৰিব পৰা দলৰ বিধায়ক নিৰ্বাচিত কৰি পঠাবলৈ ৰাইজলৈ আহ্বান জনায় ৷ আনহাতে বাঘবৰৰ মানুহক বাৰে বাৰে ঠগাই অহা বিধায়ক শ্বেৰমান আলী আহমেদ এইবাৰ পৰাজিত হব বুলিও দাবী কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে হাচিনাৰাই ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here