বিজেপি নেৰে শিলাদিত্যই,ৰামকৃষ্ণ ঘোষৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব শিলাদিত্যইঃ হিমন্ত বিশ্ব শৰ্মা

78

বিজেপি নেৰে শিলাদিত্যই,ৰামকৃষ্ণ ঘোষৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব শিলাদিত্যইঃ হিমন্ত বিশ্ব শৰ্মা

ছাদিকুজ জামান , মোৰাঝাৰ , ১৩ মাৰ্চঃ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাবান সৈনিক শিলাদিত্য দেৱে বিগত বিধানসভা নিৰ্বাচনত বিজেপি দলৰ হৈ হোজাই সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই বিপুল ভোটত জয়লাভ কৰি বিধায়ক হিচাবে সমষ্টিটোৰ বহু উন্নয়নমূলক কাম কৰি সমষ্টিবাসীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। বিধায়ক হোৱাৰ পিছৰে পৰা উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰাৰ ওপৰিও এটা বিশেষ ধৰ্মীয় লোকক প্ৰায়ে সমালোচনা কৰি সংবাদ শিৰোনাম দখল কৰিছিল বিধায়ক শিলাদিত্য দেৱে। আনহাতে বিজেপি দলৰ বিধায়ক হোৱা সত্ত্বেও শাসনাধিষ্ট দলৰ বহু দুৰ্নীতি আৰু ভিতৰোৱা কথা ৰাজহুৱা কৰিছিল বিধায়ক গৰাকীয়ে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত পুনৰ হোজাই সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ শিলাদিত্য দেৱে দলৰ পৰা টিকট বিচাৰিছিল যদিও দলে টিকটৰ পৰা বঞ্চিত কৰিছিল বিধায়ক গৰাকীক। বিধায়ক শিলাদিত্যৰ টিকট কৰ্তন কৰি হোজাই সমষ্টিত দলটোৱে ৰামকৃষ্ণ ঘোষক বিজেপিয়ে টিকট দিয়াৰ পিছৰে পৰা শিলাদিত্য দেৱে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত গেৰুৱা দলটোক আনকি ‘ইভেণ্ট মেনেজমেণ্ট কোম্পানী’ আখ্যা দি দলৰ বিৰুদ্ধে এটাৰ পিছত আন এটা বিস্ফোৰণ মন্তব্য কৰিছিল শিলাদিত্য দেৱে। হিন্দু শৰণাৰ্থীৰ প্ৰতিনিধি সাজি দলটোৰ ৰাজ্যিক নেতৃত্বই ‘ডেডিকেটেড’ ভোটবেংকক চৰম অৱহেলা কৰাৰো অভিযোগ উত্থাপিত কৰিছিল শিলাদিত্যই। অকল সেয়াই নহয়, দলীয় নেতৃত্বই প্ৰক্ষেপ কৰা হোজাই সমষ্টিৰ নতুন প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষক অপৰাধীও আখ্যা দিছিল বিধায়ক শিলাদিত্যই। ছচিয়েল মিডিয়াতো শিলাদিত্যই লিখিছিল ‘মোক গোৰ মাৰি বিজেপিৰ পৰা উলিয়াই দিলে’। ইয়াৰ পিছতে নিৰ্দলীয়ভাৱে সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দিতা কৰাৰ কথাও তেওঁ উল্লেখ কৰিছিল। ইপিনে বিধায়ক শিলাদিত্যই টিকট পাব বুলি বহু বেনাৰ–পষ্টাৰ আগতীয়াকৈ ছপা কৰি ৰাখিছিল। হোজাই সমষ্টিত শিলাদিত্যৰ বিপৰীতে ৰামকৃষ্ণ ঘোষক গেৰুৱা দলটোৱে টিকট প্ৰদান কৰাৰ কথা ৰাজহুৱা কৈ প্ৰকাশ পোৱাত শিলাদিত্য দেৱৰ সমৰ্থকসকলে দলীয় পষ্টাৰ–বেনাৰ ফালি–চিৰি এক তাণ্ডৱৰ সৃষ্টি কৰিছিল সমগ্ৰ হোজাই সমষ্টিত। এনে পৰিপ্ৰেক্ষিতত দলটোৰ বৃহৎ ক্ষতিসাধন হোৱাৰ উপক্ৰম হোৱাত কালি শিলাদিত্য দেৱৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া শিলাদিত্য দেৱক সাক্ষাৎ কৰাৰ পিছতে এক সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলতে মন্ত্ৰী ডঃ শর্মাই কয়, ‘শিলাদিত্য দেৱ বিজেপিত আছিল, আছে আৰু থাকিব লগতে বিজেপি দলে হোজাই আৰু লামডিং সমষ্টিত প্ৰাৰ্থীত্ব দিয়া দুয়োগৰাকী প্ৰাৰ্থী ক্ৰমে শিবু মিশ্ৰ আৰু ৰামকৃষ্ণ ঘোষৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব শিলাদিত্যই। পিচে হঠাত্‍ কিয় এই নাটকীয় পৰিৱৰ্তন? কেনেকৈ সৈমান হ’ল নাৰাজ শিলাদিত্য ? টিকট নাপাই যিসময়ত শাসকীয় দলৰ মন্ত্ৰী ছুম’ ৰংহাঙ কংগ্ৰেছলৈ যোৱাৰ পিছতো তেওঁক কোনেও ৰখোৱা নাই। যিসময়ত দিলীপ ঘোষৰ দৰে জ্যেষ্ঠ নেতাই টিকট নাপাই বিষোদগাৰ প্ৰকাশ কৰি নিৰ্দলীয় খেলিবলৈ লোৱাৰ পিছতো তেওঁৰ সৈতে এনেধৰণৰ সংবাদমেল পাতিবলগীয়া হোৱা নাই তেনেসময়ত সকলোৰে মনত লাগিছিল যে শিলাদিত্য হয়তো এই তালিকাৰ আন এজন হ’ব। পিছে তাৰ মাজতে হ’ল পট পৰিৱৰ্তন ? তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে আজিৰ সংবাদমেলত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ ঘোষণা। শইকীয়াই ঘোষণা কৰে যে, ‘শিলাদিত্যক চৰকাৰ আহিলে মৰ্যাদাপূৰ্ণ সংস্থাপন দিয়া হ’ব’ বুলি। অৰ্থাৎ এটা কথা স্পষ্ট যে বাকী নাম কটা যোৱা ১০ জন বিধায়কে যি ‘বাৰগেইন’ কৰাত সফল নহ’ল শিলাদিত্যই সেই বাৰগেইন কৰি নিজৰ হিচাপ মিলোৱাত সফল হ’ল। বিধায়ক নহ’লেও চৰকাৰ বিজেপিয়ে গঠন কৰিলে তেওঁৰ ভাগত যে এটা ভাল পদবী বা দায়িত্ব আহিব সেই কথা আজিৰ এই সাক্ষাৎকাৰত স্পষ্ট হৈছে। যোৱা কালি অৰ্থাৎ বৃহস্পতিবাৰে মন্ত্ৰী হিমন্তৰ প্ৰতিনিধি হিচাপে শিলাদিত্যৰ ঘৰলৈ আহিছিল মন্ত্ৰী পীয়ুষ হাজৰিকা পিচে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীজন গৈও চাউল ভালদৰে সিজাব নোৱাৰাত আজি শিলাদিত্যৰ ঠাইলৈ নিৰ্বাচনী ব্যস্ততাৰ মাজতে যাবলগীয়া হয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া। আৰু তাৰ পিছতে দেখা গ’ল খঙে নাক আগুৰি দৰা শিলাদিত্যৰ সিদ্ধান্তৰ পট পৰিৱৰ্তন। সংবাদমেল পাতি মন্ত্ৰী ডঃ শৰ্মাই ৰাজহুৱা কৰে ‘শিলাদিত্য বিজেপিত আছিল, আছে আৰু আগলৈও থাকিব।’ সংবাদ মাধ্যমক আনকি শিলাদিত্যৰ টিকট কটা গ’ল ক’বলৈও হাক দিয়ে বাকপটু মন্ত্ৰীজনে। তেওঁৰ মতে ‘ৰামকৃষ্ণ ঘোষে টিকট পাইছে, শিলাদিত্যৰ টিকট কটা যোৱা নাই।’ মন্ত্ৰীজনে লগতে নিশ্চিত কৰে যে শিলাদিত্যই হোজাই আৰু লামডিং সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীদুজনৰ হৈ নিৰ্বাচনী প্ৰচাৰো চলাব শিলাদিত্য দেৱে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here