বিজয় হাজাৰে ট্ৰফী ক্ৰিকেট টুৰ্নামেণ্টৰ বাবে বৰপেটাৰ ডেনিছ দাস আৰু অম্লান জ্যোতি দাস নিৰ্বাচিত

46

বিজয় হাজাৰে ট্ৰফী ক্ৰিকেট টুৰ্নামেণ্টৰ বাবে বৰপেটাৰ ডেনিছ দাস আৰু অম্লান জ্যোতি দাস নিৰ্বাচিত

দুৰ্নীতিৰ দৰ্পণ সেৱা, বৰপেটা, ৮ ফেব্ৰুৱাৰী: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইৰ অধীনস্থ বিজয় হাজাৰে ট্ৰফি এদিনীয়া ক্ৰিকেট টুৰ্ণামেন্টত অংশ গ্ৰহণ কৰাৰ বাবে অসম ক্ৰিকেট সংস্থাই গকুল শৰ্মা নেতৃত্বত আজি ঘোষণা কৰা পোন্ধৰ জনীয়া ৰাজ্যিক ছিনিয়ৰ দলটোত বৰপেটাৰ দুগৰাকী খেলুৱৈ অন্তৰ্ভুক্ত হৈছে। খেলুৱৈ দুগৰাকী হৈছে ডেনিছ দাস আৰু অম্লান জ্যোতি দাস। ডেনিছে বেটছমেন হিচাপে আৰু অম্লান জ্যোতিয়ে বলিং আৰু বেটেছমেন অৰ্থাৎ অল ৰাউণ্ডাৰ হিচাপে স্থান কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে অসম ক্ৰিকেট সংস্থাই আজি ঘোষণা কৰা দলটোত স্থান প্ৰাপ্ত খেলুৱৈ সকল হৈছে- গকুল শৰ্মা (অধিনায়ক), পল্লৱ কুমাৰ দাস, আবু নেচিম আহমেদ, ৰাজাকুদ্দিন আহমেদ, মুখটাৰ হুছেইন, কুনাল শইকীয়া (উইকেট কীপাৰ), অভিশেষ ঠাকুৰী(উইকেট কীপাৰ), ডেনিছ দাস, অম্লান জ্যোতি দাস, চাহিল জৈন, অভিলাষ গগৈ,শিৱশংকৰ ৰয়, স্বৰূপম পুৰকায়স্থ, প্ৰীতম দাস আৰু সুনীল লাচিত। দলটোৱে অহা ২০ ফেব্ৰুৱাৰীৰ পৰা তামিলনাডুত অনুষ্ঠিতব্য প্ৰতিযোগিতাৰ বাবে অহা সপ্তাহত ৰাওনা হ’ব বুলি জানিব পৰা গৈছে।

Total Page Visits: 24 - Today Page Visits: 1