বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈছে পৰিছে প্ৰতিটো ৰাজনৈতিক দল

18

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈছে পৰিছে প্ৰতিটো ৰাজনৈতিক দল
দুৰ্নীতিৰ দৰ্পণ সেৱা , নজৰুল ইছলাম , বটদ্ৰৱা , ২৩ ফেব্ৰুৱাৰী : আৰম্ভ হৈছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী কোচকাৱাজ । সমষ্টিয়ে সমষ্টিয়ে বাজিছে নিৰ্বাচনী ৰণডংকা । কি কংগ্ৰেছ ,কি বিজেপি,কি এআইইউডিএফ,কি অসম জাতীয় পৰিষদ , কি ৰাইজৰ দল। ইতিমধ্যে সকলো দলেই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ । সমাগত বিধান সভা নিৰ্বাচন সকলো দলেই চলাইছে নিজৰ নিজৰ দলৰ প্ৰচাৰ কাৰ্য্য । তৎপৰ হৈ পৰিছে অসম জাতীয় পৰিসদৰ নেতা-কৰ্মী । যাৰ পৰিপ্ৰেক্ষিতত আজি দলটিৰ কেন্দ্ৰিয় কাৰ্য্য নিৰ্বাসক তথা বটদ্ৰবা সমষ্টিৰ সম্বাব্য প্ৰাৰ্থী আদিত্য বৰা ভোটাৰ ৰাইজৰ ওচৰলৈ গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে । তেওঁ সাংবাদিকৰ লগত মত ব্যক্ত কৰে যে পুৰণা দল সমূহৰ প্ৰতি ৰাইজৰ মোহ ভংগ হৈছে । গতিকে , এইবাৰ অসম জাতীয় পৰিষদ দলক ভোটাৰ ৰাইজে আঁকোৱালি লৈছে । আগন্তক নিৰ্বাচনত অসমত অসম জাতীয় পৰিষদৰ নেত্বিত্বত চৰকাৰ হব , সেই কথা নিশ্চিত । নেতাগৰাকীক এই প্ৰচাৰ কাৰ্য্যত সংঘ দিয়ে অসম জাতীয় পৰিষদৰ যুৱশক্তিৰ আহ্বায়ক হিৰকজ্যোতি বৰাই ।

Total Page Visits: 20 - Today Page Visits: 1