বিধায়ক কিনা বেচা বা বেপাৰীৰ ব্যৱহাৰ কি ? দোকানৰ ব্যৱহাৰ কি , হিমন্তই ভালদৰে জানে : গৌৰৱ গগৈ

70

বিধায়ক কিনা বেচা বা বেপাৰীৰ ব্যৱহাৰ কি ? দোকানৰ ব্যৱহাৰ কি , হিমন্তই ভালদৰে জানে : গৌৰৱ গগৈ
আজি ঢেকীয়াজুলিত বিজেপি আৰু বিভিন্ন দল সংগঠনৰ ৪০০ ৰো অধিক লোক যোগদান কৰিছে কংগ্ৰেছত
দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰীৰ পৰা আজিজুৰ ৰহমান , ১৮ মাৰ্চ: আজি কংগ্ৰেছৰ এক যোগদান কাৰ্যসূচীত অংশ ললে সাংসদ গৌৰৱ গগৈয়ে। ওৰাঙৰ পৰা ঢেকীয়াজুলীলৈ ৰেলিকৰি আদৰি আনিলে যুৱনেতা গৰাকীক। নিজৰ ভাষণৰ অন্তত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত কংগ্ৰেছৰ গেৰাণ্টি লৈ হিমন্ত কোৱা বক্তব্য ওপৰত মত প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কলে , হিমন্ত জানিব । কাৰণ , বিধায়ক কিনা-বেচা বা দোকানৰ ব্যৱহাৰৰ কি , তেখেতে ভালদৰে জানে।তেখেত সকলৰ ৰাজনীতি হল পেছা । আমাৰ ৰাজনৈতিক হ’ল ৰাইজক সেৱা কৰা। আৰু কলে যিমানেই বিজেপিৰ ৰাজনৈতিক নেতা আহিব , সিমানেই ভাল। কাৰণ , তেখেত সকল আহি বাৰে বাৰে আমাৰ সংস্কৃতি ভূল তথ্য দাঙি ধৰিছে । নৰেন্দ্ৰ মোডী আহি লাচিত বৰফুকন ভূল তথ্য দাঙি ধৰিলে। আনহাতে , যোগী আদিত্য নাথ আহি শংকৰ দেৱৰ ভূল তথ্য দাঙি ধৰিছে। ইয়াৰ পৰাই জনাই যায় , কিমান জানে অসমৰ কথা। আনহাতে , কালি সংগঠিত হোৱা ঢেকীয়াজুলীৰ ঘটনা সন্দৰ্ভত কয় , দ্বিতীয় বাৰৰ বাবে ঢেকীয়াজুলি সমষ্টিত বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰা প্ৰাৰ্থী অশোক সিংঘালে ৰাইজৰ লগত কৰা আচৰণে প্ৰমাণ কৰিছে বিজেপি চৰকাৰ যে অহংকাৰী প্ৰতিপন্ন কৰিছে। উল্লেখ্য যে, আজিৰ এই কাৰ্য্যসূচীত চাৰি শতাধিক লোকে কৰে যোগদান । ঢেকিয়াজুলিত বিজেপিৰ লগতে বিভিন্ন সংগঠনৰ নেতাই যোগদান অনুষ্ঠানত অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এনে মন্তব্য প্ৰকাশ কৰে গৌৰৱ গগৈয়ে । এইফালে উক্ত সভাত উপস্থিত থাকে ঢেকীয়াজুলীৰ কংগ্ৰেছ প্ৰাৰ্থী বেণুধৰ নাথ,জিলা কংগ্ৰেছৰ সভাপতি আৰু কংগ্ৰেছ নেতা প্ৰফুল্ল ৰাভা।