বিভিন্ন ৰাজনৈতিক দলে হিন্দু-বাঙালী সকলক কেৱল ললীপপ দেখুৱাই অহাৰ বাহিৰে একো কৰা নাই , ২০ মাৰ্চৰ ভিতৰত ৰাজনৈতিক ভাৱে বিশেষ স্থিতি গ্ৰহণৰ সম্ভাৱনা-মহানন্দ সৰকাৰ দত্ত

59

বিভিন্ন ৰাজনৈতিক দলে হিন্দু-বাঙালী সকলক কেৱল ললীপপ দেখুৱাই অহাৰ বাহিৰে একো কৰা নাই , ২০ মাৰ্চৰ ভিতৰত ৰাজনৈতিক ভাৱে বিশেষ স্থিতি গ্ৰহণৰ সম্ভাৱনা-মহানন্দ সৰকাৰ দত্ত

প্ৰতিবেদক হাউলী ,৬ মাৰ্চঃ সম্প্ৰতি অসম তথা কেন্দ্ৰত বিজেপি চৰকাৰ গঠনৰ ক্ষেত্ৰত হিন্দু-বাঙালী সকলৰ ভুমিকা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। অানকি কেন্দ্ৰ আৰু ৰাজ্যত চলি থকা চৰকাৰৰ প্ৰায় সকলো প্ৰকাৰৰ কাম-কাজত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনে পৰোক্ষ ভাবে সমৰ্থন জনাই আহিছে কেৱল জাতিটোৰ সামগ্ৰিক স্বাৰ্থ অক্ষুন্ন ৰখাৰ নিমিত্তে । কিন্তু পৰিতাপৰ বিষয় যে, বিজেপি চৰকাৰৰ প্ৰতি হিন্দু বাঙালী সকলে দেখুওৱা নিস্বাৰ্থ ভালপোৱাক চৰকাৰে কেৱল উপেক্ষা কৰি আছে-এই বক্তব্য সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় সভাপতি মহানন্দ সৰকাৰ দত্তৰ। অাজি দত্তই কাকতলৈ প্ৰেৰন কৰা এক প্ৰেছ বিবৃতিযোগে জনায় যে, হিন্দু বাঙালীসকলৰ নাগৰিকত্ব, ‘ডি’ ভোটাৰ সমস্যা তথা ডিটেনশ্বন কেম্পৰ সমস্যা সমাধান কৰাটো দুৰৰে কথা, বিভিন্ন চৰকাৰী সুবিধাৰ পৰাও চৰকাৰে আমাক বঞ্চিত কৰি ৰাখিছে বুলি ফেডাৰেছনৰ নেতাগৰাকীয়ে কয়। যদি সেয়াই নহ’লহেতেন, তেন্তে ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ড আৰু বাংলাভাষী উন্নয়ন বোৰ্ড গঠনত ৰাজনীতি কৰেনে বুলি দত্তই বিবৃতিখনত এক প্ৰশ্ন উত্থাপন কৰে। মহানন্দ সৰকাৰ দত্তৰ মতে উক্ত বোৰ্ড দুটা গঠনৰ ক্ষেত্ৰত চৰকাৰে অন্ততঃ অসমৰ বাঙালী সংগ্ৰামৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা ব্যক্তিক গুৰুত্ব প্ৰদান কৰিলেহেতেন বুলি অাক্ষেপ প্ৰকাশ কৰে। তদুপৰি ফেডাৰেছনৰ কেন্দ্ৰীয় সভাপতি মহানন্দ সৰকাৰ দত্তৰ অভিযোগ ৰাজ্যসভা, লোকসভা, বিধানসভাত হিন্দু-বাঙলী প্ৰতিনিধি বিচাৰিলে একাংশ ৰাজনৈতিক নেতাই বেয়া পোৱা পৰিলক্ষিত হয়। অাৰু তেওঁলোকৰ মতে জাতিগত হিচাপে হেনো প্ৰাৰ্থীত্ব নহয়, যোগ্যতাৰ ভিত্তিতহে হয় বুলি দোহাৰে। তেওঁ ক্ষোভেৰে অাৰু কয় যে, এতিয়া প্ৰশ্ন হ’ল হিন্দু বাঙালী সকলৰ মাজত ইমানেই যোগ্য প্ৰতিনিধিৰ অভাৱ নে ? কাৰণ বিভিন্ন ৰাজনৈতিক দলে হিন্দু-বাঙালীসকলক কেৱল ললীপপ দেখুৱাই অহাৰ বাহিৰে একো কৰিব পৰা নাই বুলি বিবৃতিটোত সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেছনৰ কেন্দ্ৰীয় সভাপতি মহানন্দ সৰকাৰ দত্তই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ইপিনে অসমৰ হিন্দু বাঙালী সকলে সম-মৰ্যদা আৰু সম-অধিকাৰ প্ৰাপ্তিৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতি গঢ়িব বিচৰা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনে অহা ২০ মাৰ্চৰ ভিতৰত ৰাজনৈতিক ভাৱে এক বিশেষ স্থিতি গ্ৰহণ কৰাৰ সম্ভাৱনা ব্যক্ত কৰি বিবৃতিযোগে মহানন্দ সৰকাৰ দত্তই অসমৰ বাঙালী বুদ্ধিজীৱী, সমাজ সচেতন ব্যক্তি আৰু বিত্তশালী ব্যক্তি সকলৰ এই ক্ষেত্ৰত সহযোগিতাৰ প্ৰয়োজন হব বুলিও উল্লেখ কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি মহানন্দ সৰকাৰ দত্তই।