বিশিষ্ট কবি,লেখক বিনয় চলিহালৈ আন্তৰ্জাতিক মুক্ত কবি কণ্ঠ ২০২০বৰ্ষ বঁটা”

92

বিশিষ্ট কবি,লেখক বিনয় চলিহালৈ আন্তৰ্জাতিক মুক্ত কবি কণ্ঠ ২০২০বৰ্ষ বঁটা”
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও ,২৮ ডিচেম্বৰ: বিশিষ্ট কবি-লেখকৰ লগতে ৰিপৰ্টাৰ অসমৰ সঞ্চালক বিনয় চলিহাক মুক্ত কবি কণ্ঠ, আন্তৰ্জাতিক কবিমঞ্চই এই বেলি আন্তৰ্জাতিক মুক্ত কবি কণ্ঠ ২০২০বৰ্ষৰ বঁটা আগবঢ়ায় । মৰিগাঁও জিলাৰ ঐতিহাসিক যাদুনগৰী মায়ঙত জন্ম গ্ৰহণ কৰা বিনয় চলিহাক কালি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় । উল্লেখ্য যে-বিগত নব্বৈৰ দশকত মঙলদৈৰ পৰা আত্মপ্ৰকাশ কৰাৰ লগতে বৰ্ত্তমান সময়লৈকে গুৱাহাটীৰ পৰা প্ৰকাশিত কবিতা আৰু কবিতা বিষয়ক পত্ৰিকা আজিৰ কবিতা একত্ৰিশটা বৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হয় । কবিতা আৰু কবিতা বিষয়ক পত্ৰিকা “আজিৰ কবিতা”ৰ সম্পাদক বিনয় চলিহাক এই বেলি “আন্তৰ্জাতিক মুক্ত কবি কণ্ঠ ২০২০ বৰ্ষৰ বঁটা আগবঢ়োৱাত মায়ং বাসীয়ে অভিনন্দন জনায় । বঁটা প্ৰদান অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক-লেখক ডঃ ভৱেশ দাস , বিশিষ্ট সাহিত্যিক কৰুণা কান্ত ৰায় ,বিশিষ্ট কবি ৰুদ্ৰ সিংহ মটক , সাংবাদিক-কবি অনুপ তালুকদাৰ , বিশিষ্ট সমালোচক-কবি বিপুল শৰ্মা , অসম সাহিত্য সভা কবি সন্মিলনৰ আহ্বায়ক মনোজ দাস , কবি-সাংবাদিক পুলস্ত্য শৰ্মা , প্ৰবক্তা-কবি ৰবীন চেতিয়া , মঞ্জু বৰা,সাংবাদিক কন্দৰ্প কুমাৰ কলিতা , অসীম কুমাৰ নাথ , সুমন মণ্ডল আদিকে ধৰি অসমৰ ১৫০জনৰো অধিক কবিৰ লগতে কাব্যানুৰাগী ব্যক্তি উপস্থিত থাকে । আন্তৰ্জাতিক কবি মঞ্চৰ মুখ্য প্ৰশাসক কাব্যনীলে আঁত ধৰা অনুষ্ঠানটিত আৰু মঞ্চৰ সভাপতি ইকবাল হুছেইন খান লগতে কবি মঞ্চৰ সদস্য সকলো উপস্থিত থাকে ।