বিশেষ নিৰ্বাচনী ব্যয় পৰ্যবেক্ষকৰ বৰপেটা ভ্ৰমণ,অবৈধ ধনৰ সৰবৰাহৰ বিৰুদ্ধে প্ৰশাসনে লোৱা ব্যৱস্থাত গভীৰ সন্তুষ্টি প্ৰকাশ

4

বিশেষ নিৰ্বাচনী ব্যয় পৰ্যবেক্ষকৰ বৰপেটা ভ্ৰমণ,অবৈধ ধনৰ সৰবৰাহৰ বিৰুদ্ধে প্ৰশাসনে লোৱা ব্যৱস্থাত গভীৰ সন্তুষ্টি প্ৰকাশ

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদক হাউলী , ২ এপ্ৰিলঃ নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত বিশেষ ব্যয় পৰ্যবেক্ষক নীনা নিগমে কালি বৰপেটা জিলা ভ্ৰমণ কৰি জিলাখনৰ নিৰ্বাচনী পৰিস্থিতিৰ বুজ লয় । ভাৰতীয় ৰাজহ সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া গৰাকী তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বিশেষ ব্যয় পৰ্যবেক্ষক হিচাপে কালি বৰপেটালৈ আহি জিলাখনৰ নিৰ্বাচনী ব্যয়ৰ দিশৰ পৰ্যালোচনা চলায় । এই উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত সম্প্ৰতি বৰপেটাত বাহৰ পাতি থকা ব্যয় পৰ্যবেক্ষকদ্বয় ডাঃ এনীছ ছাৰ্কুনাথ আৰু ভি এম মহীধৰো উপস্থিত থাকে । সভাৰ আৰম্ভণীতে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই বিশেষ ব্যয় পৰ্যবেক্ষক নীনা নিগমক আনুষ্ঠানিকভাৱে আদৰণী জনায় উপায়ুক্ত গৰাকীয়ে জিলাখনৰ নিৰ্বাচনী প্ৰেক্ষাপটৰ বিষয়ে থুলমূল আভাষো দাঙি ধৰে । ইয়াৰ পিছতে ব্যয় কোষৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে পাৱাৰ প‌ইন্ট প্ৰেজেন্টেচনৰ দ্বাৰা জিলাখনৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী সকলৰ ব্যয়ৰ তথ্য পৰ্যবেক্ষণৰ লগতে অবৈধ ধনৰ ব্যৱহাৰ ৰোধ কৰাৰ বাবে প্ৰশাসনে হাতত লোৱা ব্যৱস্থাৱলীৰ বিষয়ে অৱগত কৰে । তেওঁ জনোৱা মতে , জিলাখনত ২০ টা ফ্লাইং স্কোৱাডৰ দল (এফ এছ টি),১৮ টা স্থিৰ নিৰীক্ষণকাৰী দল(এছ এছ টি),১৮ টা ভিডিও নিৰীক্ষণকাৰী দল(ভিএছ টি),১৮ টা ভি ভি টি আৰু ৬ টা হিচাপ ৰক্ষকৰ দলে নিৰন্তৰে কাম কৰি আছে । জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে,জিলাখনত হিচাপ বহিৰ্ভূত ধনৰ সৰবৰাহৰ বিৰুদ্ধে চলোৱা ব্যাপক অভিযানৰ বিশেষ পৰ্যবেক্ষক গৰাকীয়ে ভূয়সী প্ৰশংসা কৰে । তেওঁ সমগ্ৰ কৰ্মী বাহিনীৰ কামত সন্তুষ্টি প্ৰকাশ কৰে যদিও কেবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ‌ও আগবঢ়ায় । সভাত জিলাখনত নিয়োজিত ৮ জন সহকাৰী ব্যয় পৰ্যবেক্ষকো উপস্থিত আছিল ।