বিশ্বনাথৰ বান-খহনীয়াগ্ৰস্থ লোকৰ ওপৰত চৰকাৰৰ সু-দৃষ্টি কেতিয়া ?

108
বিশ্বনাথৰ বান-খহনীয়াগ্ৰস্থ লোকৰ ওপৰত চৰকাৰৰ সু-দৃষ্টি কেতিয়া ?

নাজিৰ আহমেদ
সহকাৰী সাধাৰণ সম্পাদক
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ।
বিশ্বনাথ সমষ্টিৰ দক্ষিণ অঞ্চল, মহাবাহু ব্ৰহ্মপুত্ৰৰ দাঁতি-কাষৰীয়া বৃহৎ অঞ্চল বোৰ আজিও অসুৰক্ষিত। বাৰিষাৰ সময় আহিলেই প্ৰচণ্ড ভয় আৰু হতাশাৰ সৈতে জীৱন পাৰ কৰিবলগীয়া হয় বিশ্বনাথ ঘাট(ছোৱাগুৰী)ৰ পৰা পানপুৰ ঘাটৰ কাষৰীয়া গাৱঁৰ লোক সকল । বছৰি প্ৰৱল খহনীয়া আৰু বানৰ তাণ্ডৱে বহু অঞ্চল আৰু গাৱঁ ইতিমধ্যেই মহাবাহুৰ বুকুত জাহ গৈছে । আজিৰ পৰা দুটা দশক আগৰ বিশ্বনাথৰ দক্ষিণাঞ্চলৰ ভৌগোলিক অৱস্থিতিলৈ ওভতি গলে দেখা যায় বা মনলৈ আহে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ এক নান্দনিক দৃশ্য। কালৰ গতিত বিভিন্ন সংকটৰ সন্মুখীন হোৱাৰ পিছত বৰ্তমানৰ বিশ্বনাথ সমষ্টিৰ দক্ষিণ অঞ্চলৰ ভৌগোলিক পৰিধিলৈ লক্ষ্য কৰিলে দেখিবলৈ পাওঁ দুটা দশক আগৰ সেই বৃহত্তৰ অঞ্চল সমূহ আজি যেন সম্পূৰ্ণ গ্ৰাস কৰি মহাবাহু ব্ৰহ্মপুত্ৰই অশ্বমেধী , ঘোঁৰাৰ দৰে প্ৰতিযোগিতামুলক দৌৰত অংশগ্ৰহণ কৰিছে । বহু গাৱঁ সংগলগ্ন ছোৱাগুৰি, কুমলীয়া, শলমাৰী, শিঙিমাৰী, ভোজমাৰী, তেৱাৰী পাল, গড়পাল আদি বৃহৎ বৃহৎ অঞ্চলৰ শ শ গাঁও আজি মহাবাহুৰ মাজত বালিচৰা হৈ আছে ।  শ্ৰমজীৱী কৃষকৰ উৎপাদনৰ স্থল মাটি নোহোৱাত দিশহাৰা হৈ পৰিছে । নাই উপযুক্ত কৰ্ম সংস্থাপন , নাই  শান্তিৰ ঘুমটি মাৰিবলৈ উপযুক্ত বাসস্থান । মুঠতে হাজাৰ হাজাৰ লোকৰ আলৈ আথানি । এনে দৃশ্য দেখিও চকুমোদা কুলিৰ ভাও ধৰিছে ৰজাঘৰীয়াই । ২০১২ চনৰ প্ৰলয়ংকাৰী বান আৰু খহনীয়াৰ ফলত শ শ বিঘা ভূমি একেবাৰতেই নিজৰ কৰি ললে মহাবাহুৱে । এক দূৰ্যোগ। ভয়ংকৰ দূৰ্যোগৰ সন্মুখীন হ’বলগীয়া হ’ল উল্লেখিত অঞ্চল বোৰ । মানুহ মৰিল , জীৱ-জন্তু মৰিল , খেতি-পথাৰ নষ্ট হ’ল , মুৰে কপালে হাত দিলে জীয়াই থকা সকলে ! মানুহবোৰে আশাৰ ফেন পাতিলে ৰজাঘৰীয়াই উপায় উলিয়াব । দুখে-কষ্টই , ভাগৰে-জোগৰে , বিনিদ্ৰাই বাৰিষাৰ অভিশপ্ত দিনবোৰ পাৰ হ’ল । চৰকাৰী সাহায্যও ঘোষণা কৰিলে , নাপালে যমৰ যাতনা ভোগ কৰা ভূক্তভোগীয়ে। পালে এচাম মধ্যভোগী ৰজাঘৰীয়াৰ পদলেহনকাৰী আৰু দালালে । খেতি-পথাৰ নষ্ট হোৱা কৃষকৰ বাবে ঘোষণা কৰা আঁচনিৰ ধন বোৰ সীমাবদ্ধ হৈ থাকিল কেৱল ৰজাঘৰীয়াৰ নীলা ফাইলত । নাই , কাৰো কোনো কাণসাৰ নাই ।  তদানীন্তন কংগ্ৰেছ চৰকাৰে ২০১২ চনৰ প্ৰলয়ংকাৰী বান আৰু খহনীয়াৰ ৰোধ কৰাৰ বাবে আধুনিক পদ্ধতিৰ জিঅ বেগ আৰু জিঅ মেটৰ নামত প্ৰায় ২০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিলে । মন্ত্ৰী , বিধায়ক , বিষয়া , কৰ্মচাৰী সকলোবোৰ আহিল । কাম আৰম্ভ কৰিলে , বছৰৰ পিছত বছৰ পাৰ হৈ আছে , চৰকাৰ পৰিৱৰ্তন হৈয়ো কাৰ্যকালৰ ম্যাদ উকলিবৰ হ’ল  কিন্তু অসম্পূৰ্ণ হৈ থাকিল আধুনিক পদ্ধতিৰ জিঅ বেগ আৰু জিঅ মেটৰ কাম । বিষয়া-ঠিকাদাৰৰ চৰম গাফিলতি, মধ্যভোগীৰ দপদপনি , দেৱানী মাতব্বৰৰ চিঞৰ বাখৰ ইত্যাদিত ব্যস্ত থাকি , খৰাং বতৰত কাম স্তব্ধ ৰাখি বাৰিষাৰ সময়ত কামৰ তৎপৰ দেখুৱাই পাৰ কৰিলে বিগত সময়বোৰ । কোটি কোটি টকাৰ ভাগ-বটৰোৱা হ’ল ! কিন্তু সমস্যা সমাধান একোৱেই নহ’ল । মুঠতে বিশ্বনাথ পানপুৰ মথাউৰি হৈ পৰিছে একাংশৰ বাবে সোনৰ কণি পৰা হাঁহ । ইফালে , শ শ গাৱঁৰ লোক সকলে মাটি-বাৰি আদি সকলো হেৰুৱাই পেলাই নিৰাশ্ৰয় হৈ, অঘৰীৰ দৰে কোনোমতে এচটা টিনৰ চালিৰ তলত মথাউৰিতেই থাকিবলগীয়া হ’ল । চৰকাৰৰ কোনো প্ৰতিনিধিয়ে আজিলৈকে নললে এইলোক সকলৰ খা খৱৰ । নিদিলে পুনৰ সংস্থাপন। নাই বিদ্যালয় , নাই খোৱা পানীৰ উপযুক্ত ব্যৱস্থা , নাই চৰকাৰী সাহায্য। বহু প্ৰতিবাদ কৰা হ’ল , স্মাৰক পত্ৰ দিয়া হ’ল , দল সংগঠনে সময়ে সময়ে আন্দোলনো কৰিলে। কিন্তু কাৰোৰেই যেন গুৰুত্ব নাই। চৰকাৰ পক্ষৰ কোনো পদক্ষেপেই নাই।এতিয়া প্ৰশ্ন হয় , জীয়াই থকাৰ নিৰাপত্তা বিচাৰি হাহাকাৰ কৰা এই ভূক্তভোগী সকলৰ আৰ্তনাদৰ প্ৰতি চৰকাৰৰ সু দৃষ্টি কেতিয়া ?