বুঢ়ীদিহিং শতদল শাখা সাহিত্য সভা আৰু পেঙেৰী শাখা সাহিত্য সভাৰ যুটীয়া কাৰ্যনিৰ্বাহক সভা

56

বুঢ়ীদিহিং শতদল শাখা সাহিত্য সভা আৰু পেঙেৰী শাখা সাহিত্য সভাৰ যুটীয়া কাৰ্যনিৰ্বাহক সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰমোদ ভূঞা ,বৰডুমচা , ১৩ মাৰ্চঃ অসম সাহিত্যসভা তিনিচুকীয়া জিলা সাহিত্যসভা অন্তৰ্গত বুঢ়ীদিহিং শতদল শাখা সাহিত্য সভাৰ আৰু পেঙেৰী শাখা সাহিত্য সভাৰ উদ্যোগত আজি টেকেৰী গাঁৱত এখন যুটীয়া কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় । টেকেৰী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা পেঙেৰী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ মৰাণৰ আতিথ্যত যুটীয়া কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈ যায় । উক্ত সভাত ৭৪ সংখ্যক তোৰণৰ উদ্ধোধনী সম্পৰ্কত এক আলোচনা কৰা হয় । উক্ত সভাত সভাপতিত্ব কৰে দুয়োটা শাখা সভাপতি দ্বয় সুমন মৰাণ আৰু বীৰেণ পাচনীয়ে । উদ্দেশ্যে ব্যখ্যা আগবঢ়ায় সম্পাদক দ্ধয় টেৱান চন্দ্ৰ মৰাণ , কিশোৰ বৰুৱাই । সভাত তোৰণৰ উদ্ধোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ সন্ধৰ্ভত বিতংভাৱে আলোচনা কৰা হয় । উক্ত সভাত উপস্থিত থাকে বিশিষ্ট সাংবাদিক ,সাহিত্যক, কবি তথা শিক্ষক ৰবীন মৰাণ, মহাদেৱপুৰৰ শিক্ষক তথা সাহিত্যক,নবেশ্বৰ শইকীয়া, উদ্যমান কবি মণিকা দিহিঙীয়া আৰু চপ্না সন্দিকৈ, লগতে বহু কেইজন বিশিষ্ট আমন্ত্ৰিত অতিথি ।