ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধুবুৰী- ফুলবাৰী সংযোগী দলঙৰ আধাৰশিলা স্থাপন

47

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধুবুৰী- ফুলবাৰী সংযোগী দলঙৰ আধাৰশিলা স্থাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা আলমগঞ্জ ,১৮ ফেব্ৰুৱাৰী :- আজি দিনৰ ১মান বজাত ভাৰ্ছৱেল মাধ্যমেৰে দলংৰ আধাৰশিলা স্থাপন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীক সংযোগ কৰি নিৰ্মাণ হ’বলগীয়া বহুপ্ৰত্যাশিত দেশৰ সৰ্ববৃহতম দলংখন হিচাপে চিন্হীত ৷ ১৯.২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত দলংখনে অসম আৰু মেঘালয়ৰ মাজত যাতায়ত সুগম কৰি তুলিব বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷ দেশৰ দীৰ্ঘতম নদী দলং হিচাপে পৰিগণিত দলংখনৰ আধাৰশিলা স্থাপন উপলক্ষে আজি ধুবুৰীৰ আদাবাৰীত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হয়৷ আজিৰ এই উদ্বোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল, বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু নজৰুল হক, গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান, গোলকগঞ্জ সমষ্টিৰ বিজেপি বিধায়ক অশ্বিনী সৰকাৰ ৰায়,বিলাসী পাৰা পূৱ।সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী উপস্থিত থাকে৷’জাইকা’ৰ ঋণেৰে নিৰ্মাণ কৰা হ’ব দলংখন নিৰ্মাণৰ দায়িত্ব লাভ কৰা দেশৰ আগশাৰীৰ নিৰ্মাণ প্ৰতিষ্ঠান ‘এল এণ্ড টি’য়ে। ইতিমধ্যে দলং নিৰ্মাণকাৰ্য্যৰ প্ৰাথমিক কাম কাজ আৰম্ভ কৰিছে ঠিকা লাভ কৰা কোম্পানীটোৱে৷উল্লেখনীয় যে,ধুবুৰীৰ সাংসদ তথা এ আই ইউডি এফৰ ছুপ্ৰিম মৌ : বদৰ উদ্দিন আজমলৰ অশেষ চেষ্টাৰ ফলত দলং খনৰ কাম সম্বৱ হব লগীয়া হৈছে বুলি দাবী কৰে সাংসদ জনে ৷ ,দক্ষিণ শালমাৰাৰ লগতে মেঘালয় বাসীৰ দীৰ্ঘদিনীয়া সপোনৰ দলংখনৰ আজি আনুষ্ঠানিক ভাবে উদ্বোধন কৰাত সৰ্বস্তৰৰ লোকৰ মাজত আনন্দময় পৰিবেশৰ সৃষ্টি হয়।’জাইকা’ৰ ঋণেৰে নিৰ্মাণ কৰা হ’ব দলংখন নিৰ্মাণৰ দায়িত্ব লাভ কৰা দেশৰ আগশাৰীৰ নিৰ্মাণ প্ৰতিষ্ঠান ‘এল এণ্ড টি’য়ে। ইতিমধ্যে দলং নিৰ্মাণকাৰ্য্যৰ প্ৰাথমিক কাম কাজ আৰম্ভ কৰিছে ঠিকা লাভ কৰা কোম্পানীটোৱে৷উল্লেখনীয় যে,ধুবুৰীৰ সাংসদ তথা এ আই ইউডি এফৰ ছুপ্ৰিম মৌ : বদৰ উদ্দিন আজমলৰ অশেষ চেষ্টাৰ ফলত দলং খনৰ কাম সম্বৱ হব লগীয়া হৈছে বুলি দাবী কৰে সাংসদ জনে ৷ ,দক্ষিণ শালমাৰাৰ লগতে মেঘালয় বাসীৰ দীৰ্ঘদিনীয়া সপোনৰ দলংখনৰ আজি আনুষ্ঠানিক ভাবে উদ্বোধন কৰাত সৰ্বস্তৰৰ লোকৰ মাজত আনন্দময় পৰিবেশৰ সৃষ্টি হয়।

Total Page Visits: 17 - Today Page Visits: 3