বৰপেটাত উলহ মালহেৰে চাউল খোৱা মহোৎসৱৰ ৰূপালী জয়ন্তী আৰম্ভ , বৰপেটাৰ বিধায়কে মুকলি কৰিলে সাংস্কৃতিক শোভাযাত্ৰা

79

বৰপেটাত উলহ মালহেৰে চাউল খোৱা মহোৎসৱৰ ৰূপালী জয়ন্তী আৰম্ভ , বৰপেটাৰ বিধায়কে মুকলি কৰিলে সাংস্কৃতিক শোভাযাত্ৰা
দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদক , হাউলী ,১৪ মাৰ্চঃ বৰপেটাত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চাউলখোৱা মহোৎসৱ ৷ শংকৰ-মাধৱ গুৰুদুজনাৰ পদৰেণুৰে ৰঞ্জিত ঐতিহ্যনগৰী বৰপেটা চহৰৰ কাষেৰে বৈ যোৱা চাউলখোৱা নৈৰ পাৰঘাটত আজি পূৱা মুল পতাকাৰ লগতে ২৫ খন পতাকা উত্তোলনেৰে শুভাৰম্ভ হয় চাউলখোৱা মহোৎসৱৰ ৰূপালী জয়ন্তী । পুৱা অনুষ্ঠানটোৰ মুখ্য সম্পাদক ৰিংকু আহমেদে পতাকা উত্তোলন কৰাৰ পিছত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে স্থানীয় খাদেমুল ইছলাম সমাজৰ লুটফৰ ৰহমানে । ইয়াৰ পিছত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে । তেওঁৰ লগত সংগ দিয়ে মিচ্ ইণ্ডিয়া ইন্টাৰনেছনেল ইউনিভাৰ্চ খ্যাত ৰুলি ৰাণী দাস আৰু ইন্টাৰনেছনেল গ্লোবেল আইকন মিচেছ সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী থুনু ডেকা দেউৰীয়ে । উল্লেখ্য যে, বৰপেটাৰ নখান্দা আৰু চাউলখোৱা নৈৰ পাৰত গঢ় লৈ উঠা বৰপেটাৰ অনন্য সত্ৰীয়া আৰু লোক সংস্কৃতিৰ লগতে বৰপেটাৰ ভাষা , সাহিত্য , সংস্কৃতিৰ প্ৰচাৰ,প্ৰসাৰ আৰু সমন্বয়ৰ বাণীৰে অনুষ্ঠিত হৈ অহা চাউলখোৱা মহোৎসৱে এইবেলি ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পন কৰিছে ৷ বৰপেটাৰ চাউলখোৱা নদীৰ পাৰত অনুষ্ঠিত হোৱা চাউলখোৱা মহোৎসৱ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে আজি পতাকা উত্তোলন,স্মৃতি তৰ্পন,সমন্বয়নৰ বাণীৰে সাংস্কৃতিক শোভাযাত্ৰা আদি বিবিধ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ উপৰি নিশাৰ সাংস্কৃতিক অনুষ্ঠানত মুম্বাইৰ আমন্ত্ৰিত শি়ল্পীৰ লগতে স্থানীয় কেবাজনো শিল্পীয়ে অংশগ্ৰহণ কৰে ।