বৰপেটাত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ

23

বৰপেটাত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰঃ কংগ্ৰেছৰ দখলত থকা সমষ্টিত মিত্ৰদলে সভা সমিতি কৰাতো উচিত নহয়ঃ কংগ্ৰেছ সাংসদ আব্দুল খালেক ,বৰপেটা সমষ্টি কংগ্ৰেছক লাগিবই

প্ৰতিবেদক মনজিৎ দাস , হাউলী , ১৭ ফেব্ৰুৱাৰীঃ নিৰ্বাচনৰ বাবে কংগ্ৰেছ কৰ্মীসকলক সাজু কৰি তোলাৰ কাম আৰম্ভ কৰিছে কংগ্ৰেছে ৷ ইতিমধ্যে জিলাই জিলাই অনুষ্ঠিত হৈছে কংগ্ৰেছৰ বুথ সংকল্প সন্মিলন ৷ মঙলবাৰে বৰপেটাত অনুষ্ঠিত হোৱা বুথ সংকল্প সন্মিলনত অংশগ্ৰহন কৰা প্ৰতিজন নেতা কৰ্মীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত একত্ৰিত হৈ বিজেপিৰ অপশাসন ওফৰাবলৈ সংকল্পবদ্ধ হয় । কংগ্ৰেছৰ ছট্টিছগড়ৰ বুথ প্ৰশিক্ষক ৰাজেন্দ্ৰ শুক্লাই অংশগ্ৰহন কৰা সংকল্প সন্মিলনত অংশগ্ৰহন কৰি মহাজোঁটৰ জঁট সম্পৰ্কে মন্তব্য কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে ৷ বিশেষকৈ কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটৰ মাজত আসন বুজাবুজিক লৈ অব্যাহত থকা টনা আজোৰাৰ মাজতে খালেকৰ মন্তব্য- কংগ্ৰেছৰ দখলত থকা সমষ্টিত মিত্ৰদলে সভা সমিতি কৰাতো উচিত নহয় ৷ স্বাভাৱিকতেই ইটো দলে সিটো দলৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শণৰ কোনো প্ৰয়োজন নাই বুলিও দোহাৰে সাংসদ আব্দুল খালেকে ৷ বৰপেটা বিধান সভা সমষ্টি ভিত্তিত অনুষ্ঠিত সংকল্প শিবিৰত অংশ লৈ সাংসদসগৰাকীৰ দাবী – বৰপেটাৰ আটাইবোৰ সমষ্টিত কংগ্ৰেছ দল শক্তিশালী স্থিতিত আছে আৰু জিকিব পৰা অৱস্থাত আছে ৷ ইপিনে বৰপেটাকে ধৰি জিলাখনৰ কেবাটাও সমষ্টি এআইইউডিএফে দাবী কৰাক লৈ সাংসদ গৰাকীৰ দাবী- বৰপেটা আসনখন কংগ্ৰেছক লাগিবই ৷ বৰপেটা সমষ্টি এআইইউডিএফক এৰি দিয়াৰ কোনো প্ৰশ্নই নাই ৷ একেদৰে সৰুক্ষেত্ৰী সমষ্টিক লৈ এআইইউডিএফে একপ্ৰকাৰ আকোঁৰগোজ স্থিতি গ্ৰহন কৰাৰ বিপৰীতে সৰুক্ষেত্ৰীত কংগ্ৰেছৰ স্থিতি শক্তিশালী আৰু জিকিব পৰা অৱস্থাত থকা বুলিও দাবী কৰে সাংসদগৰাকীয়ে ৷ ইপিনে বৰপেটা জিলা কংগ্ৰেছৰ অন্যতম সাধাৰন সম্পাদক ৰূস্তম আলীৰ মন্তব্য- কংগ্ৰেছৰ দখলত থকা সমষ্টি এৰিবলৈ ৰাজী নহয় বৰপেটা জিলা কংগ্ৰেছ ৷ জিকাৰ সম্ভাৱনা থকা বৰপেটা জিলাৰ সমষ্টিসমুহ এৰি নিদিবলৈ কংগ্ৰেছ হাইকমাণ্ডক ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা বুলি মন্তব্য কৰে বৰপেটা জিলা কংগ্ৰেছৰ নেতাগৰাকীয়ে ৷ ইপিনে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এআইইউডিএফৰ সৈতে মিত্ৰতা কৰি কংগ্ৰেছে যেন ভৰিৰ তলৰ মাটিখিনিও হেৰুৱাবলগীয়া নহয় কংগ্ৰেছ নেতাদুগৰাকীৰ ভাষ্যত যেন তাৰেই প্ৰতিচ্ছৱি ফুটি উঠিছে ৷ উল্লেখ্য যে, কংগ্ৰেছৰ দখলত থকা আৰু কংগ্ৰেছৰ শক্তিশালী সাংগঠনিক স্থিতি থকা বৰপেটা, সৰুক্ষেত্ৰী, বাঘবৰ আদিকে ধৰি ৰাজ্যৰ প্ৰায় ২২ টা সমষ্টিত চকু দিছে মহাজোঁটৰ অংশীদাৰ দল এআইইউডিএফে ৷ আৰু ইয়াকে লৈ দল দুটাৰ মাজত ভিতৰি ভিতৰি অসন্তুষ্টি চলি অাছে বুলি মতপোষন কৰে৷

Total Page Visits: 10 - Today Page Visits: 1