বৰপেটাত বিশাল পৃষ্ঠাপ্ৰমুখ সন্মিলনঃ অগপৰ পৰিৱৰ্তে বৰপেটা সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী

46

বৰপেটাত বিশাল পৃষ্ঠাপ্ৰমুখ সন্মিলনঃ অগপৰ পৰিৱৰ্তে বৰপেটা সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী
দুৰ্নীতিৰ দৰ্পণ সেৱা ,বৰপেটা ,মনজিৎ দাস,হাউলী, ৫ ফেব্ৰুৱাৰীঃ বৰপেটাত আজি অনুষ্ঠিত হয় ৪৩ নং বৰপেটা বিধান সভা সমষ্টি ভিত্তিত বিজেপিৰ বিশাল কৰ্মী সন্মিলন ৷ প্ৰায় তিনি হাজাৰ বিজেপি কৰ্মী আৰু পৃষ্ঠা প্ৰমুখৰ উপস্থিতিত অনুষ্ঠিত হোৱা সন্মিলনত ভাষণ প্ৰদান কৰা বিজেপিৰ প্ৰায় প্ৰতিগৰাকী নেতাই বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালত বৰপেটা সমষ্টিৰ উন্নয়ণৰ ক্ষেত্ৰত অগপ বিধায়কজন ব্যৰ্থ হোৱা বুলি অভিযোগ তুলি ২১ৰ নিৰ্বাচনত বৰপেটা সমষ্টিতো অগপক এৰি দিয়াৰ বিৰোধিতা কৰি বৰপেটাত বিজেপি প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী জনায় ৷ আনকি বৰপেটাত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে ৰাজ্যিক সমিতিৰ লগতে ৰাষ্ট্ৰীয় সমিতিকো এই বিষয়ে অবগত কৰিছে বিজেপিৰ বৰপেটা জিলা সমিতিয়ে ৷ বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ দাসে বটদ্ৰবা সত্ৰৰ যিদৰে উন্নয়ন হৈছে তাৰ বিপৰীতে বৰপেটা সত্ৰৰ উন্নয়ণৰ ক্ষেত্ৰত বিধায়কগৰাকী বিফল হোৱা বুলি দাবী কৰে ৷ আনহাতে বৰপেটা সমষ্টিৰ অন্যান্য বিজেপিৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক নৱ কুমাৰ দাসে অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসে বিজেপিৰ কাৰ্যকৰ্তাসকলক অৱজ্ঞা কৰা বুলি অভিযোগ কৰাৰ লগতে সমষ্টিটোৰ উন্নয়ণৰ ক্ষেত্ৰতো ব্যৰ্থ হোৱা বুলি দাবী কৰে ৷ এই পৃষ্ঠাপ্ৰমুখ সন্মিলনৰ জৰিয়তে বিজেপিয়ে বৰপেটাত ২১ৰ ৰণডংকা বজোৱা বুলি ঘোষনা কৰি বিজেপিৰ জিলা সম্পাদক নৱকুমাৰ দাসে ২১ৰ নিৰ্বাচনত বৰপেটাত বিজেপিৰ বিজয় নিশ্চিত বুলিও দাবী কৰে ৷ ইপিনে বিজেপিৰ বৰপেটা সমষ্টিৰ প্ৰভাৰী সঞ্জয় মজুমদাৰেও সমষ্টিটোৰ ধৰ্মীয় সংখ্যালঘু সকলৰ সমৰ্থনত বৰপেটাত বিজেপিৰ বিজয় নিশ্চিত বুলি দাবী কৰে ৷

Total Page Visits: 16 - Today Page Visits: 1