বৰপেটাৰ পাটবাউসীত তিনিদিনীয়া মা মনসা দেৱীৰ পূজা মহোৎসৱ আৰম্ভ

45

বৰপেটাৰ পাটবাউসীত তিনিদিনীয়া মা মনসা দেৱীৰ পূজা মহোৎসৱ আৰম্ভ
প্ৰতিবেদক হাউলী ,৩ মাৰ্চ : বৰপেটাৰ সমীপৰ পাটবাউসীত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মা মনসাদেৱীৰ পূজা মহোৎসৱ ৷ পাটবাউসীৰ মা মনসা দেৱী মন্দিৰত পৰম্পৰাগতভাৱে পালন কৰা মা মনসাদেৱীৰ পূজা মহোৎসৱ উপলক্ষে আজি পানী তোলা পৰ্ব অনুষ্ঠিত হয় ৷ গাওখনৰ জীয়ৰী বোৱাৰীসকলে উপবাসে থাকি আজি নখান্দা নৈত পানী তুলিবলৈ যায় ৷ এক ধৰ্মীয় শোভাযাত্ৰাৰে ভক্তিপূৰ্ণভাৱে জীয়ৰী বোৱাৰী সকলে নখান্দা নৈৰ পৰা পানী তুলি মনসা দেৱীৰ মন্দিৰলৈ উভতি আহে ৷ নৈত পানী তুলিবলৈ যোৱা শোভাযাত্ৰাটো মুকলি কৰে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে।জীয়ৰী বোৱাৰীসকলৰ লগতে গাওখনৰ যুৱক আৰু বয়োজ্যেষ্ঠ লোকসকলেও পানী তোলা শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ইয়াৰ পিচতেই যথাবিহীতভাৱে মা মনসাদেৱীৰ পূজা অৰ্চনা আৰম্ভ হয় ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত মা মনসা পূজা মহোৎসৱ উপলক্ষে নাম প্ৰসংগৰ লগতে বিবিধ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে ৷ পূজা মহোৎসৱ উপলক্ষে ভক্তসকলে ধূপ দীপ জ্বলাই, নৈবেদ্য অৰ্পন কৰি দেৱীৰ আশীষ প্ৰাৰ্থনা কৰিছে ৷ মনসা দেৱী মন্দিৰ চৌহদ ভক্তৰ সমাগমত লোকাৰোণ্য হৈ পৰিছে ৷