বৰপেটা জিলাত ৮০ উৰ্দ্ধৰ ভোটাৰ ১৫,৬২৩ জনঃ ঘৰে ঘৰে গৈ ভোট লব বৃদ্ধ আৰু বাধাগ্ৰস্থৰ- ঘোষণা উপায়ুক্তৰ

72

বৰপেটা জিলাত ৮০ উৰ্দ্ধৰ ভোটাৰ ১৫,৬২৩ জনঃ ঘৰে ঘৰে গৈ ভোট লব বৃদ্ধ আৰু বাধাগ্ৰস্থৰ- ঘোষণা উপায়ুক্তৰ

প্ৰতিবেদক হাউলী ,২ মাৰ্চঃ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন ৷ ইতিমধ্যে নিৰ্বাচনৰ কামত জড়িত চেল সমুহৰ লগতে ফ্লাইং স্কোৱাডসমুহ সক্ৰিয় হৈ উঠিছে নিৰ্বাচনী কামৰ বাবে ৷ ভোটাৰৰ ওজৰ আপত্তি আৰু সহায়ৰ বাবে জিলা প্ৰশাসনে মুকলি কৰিছে ১৯৫০ টোলফ্ৰী নম্বৰ ৷ উল্লেখ্য , অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হব বৰপেটা বিধানসভা সমষ্টিৰ ভোটগ্ৰহন ৷ আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰি বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কয় যে,এইবেলি ৮০ বছৰ বয়সৰ উৰ্ধৰ ব্যক্তি,বিশেষভাবে সক্ষম ব্যক্তি আৰু কোভিড আক্রান্ত ব্যক্তিৰ বাবে পােষ্টেল ভােটৰ সুবিধা প্ৰদান কৰা হৈছে ৷ ভােটাৰসকলৰ বাবে ঘৰে ঘৰে গৈ পােষ্টেল ভোটৰ পদ্ধতিৰে ভােটদানৰ সুবিধা কৰা হৈছে । ৮০ বছৰৰ ওপৰৰ বয়সৰ ভােটাৰ আৰু সংশ্লিষ্ট বিভাগৰদ্বাৰা প্রদত্ত প্রমানপত্ৰ থকা বিশেষভাবে সক্ষম ব্যক্তি,কোভিড-১৯ আক্রান্ত ব্যক্তিৰ ঘৰতে পােষ্টেল বেলট পদ্ধতিৰে ভােটদানৰ দিহা কৰা হৈছে । এই পদ্ধতি অৱশ্যে সম্পূর্ণৰূপে ঐচ্ছিক বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ বাবে ইচ্ছুক ভােটাৰসকলে ফর্ম নং ১২ ডি’ যােগে আবেদন কৰিব পাৰিব । পােনতে ইয়াৰ প্ৰথম দুটা শ্ৰেণীৰ ভােটাৰৰ ঘৰে ঘৰে গৈ ফর্ম নং ১২ ডি’ বিতৰণ আৰু পূৰণ কৰা আবেদন সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে। বৰপেটা জিলাত এনে ৮০ বছৰৰ উৰ্ধৰ ভােটাৰৰ সংখ্যা ১৫৬২৩ জন আৰু বিশেষভাবে সক্ষম ব্যক্তিৰ সংখ্যা ১৫৮৫ জন । ইয়াৰ বাবে বিএল অ (BLO) সকলে পােনতে অহা ৪ মাৰ্চৰ পৰা ১০মাৰ্চৰ ভিতৰত এনে প্রতিজন ভােটাৰৰ ঘৰলৈ গৈ এই ফর্ম নং ১২ডি বিতৰণ আৰু এই পদ্ধতিত ভােটদানৰ বাবে ইচ্ছুক ভােটাৰসকলৰপৰা পূৰণ কৰা আবেদন সংগ্রহ কৰিব। নির্বাচন আয়োগৰ নির্দেশানুসাৰে এই আবেদন নিৰ্বাচনৰ জাননী জাৰী হােৱাৰ পাঁচদিন অর্থাৎ অহা ১৬ মাৰ্চৰ ভিতৰত ৰিটাৰনিং বিষাৰ ওচৰত দাখিল কৰিব পাৰিব। পৰৱৰ্তী পৰ্যায়ত নির্বাচনৰ প্রার্থী তালিকা স্থিৰ হােৱা আৰু বেলট কাকত ছপা হােৱাৰ পিছত ৩০ মাৰ্চৰ পৰা ৩ এপ্ৰিলৰ ভিতৰত এই আবেদনকাৰীসকলৰ বাবে পােষ্টেল বেলট পদ্ধতিৰে ভােটদানৰ বাবে সকলাে আবেদনকাৰীৰ ঘৰলৈ ভােট গ্রহনকাৰী দল প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে । পৰবর্তী পর্যায়ত এই বেলট সমূহ ডাকযােগে পােৱা বেলট গণনা কৰা পদ্ধতিৰে গণনা কৰা হ’ব । এই পদ্ধতিৰ উপৰিও এই পদ্ধতিৰে ভােটদানৰ বাবে আবেদন নকৰা এই শ্ৰেণীৰ ভােটাৰৰ বাবে সাধাৰণভাবে ইভিএম যােগ ভােটদানৰ পদ্ধতি অব্যাহত থাকিব বুলি উপায়ুক্তগৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে ৷ সংবাদ মেলত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, অতিৰিক্ত উপায়ুক্তসকল উপস্থিত থাকে ।