বৰ্নাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱাৰ আলিটাঙনীত “আলিটাঙনী শিশু গ্ৰন্থমেলা ২০২১” , বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে পৰিভ্ৰমণ সমগ্ৰ আলিটাঙনী অঞ্চল

60

বৰ্নাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱাৰ আলিটাঙনীত “আলিটাঙনী শিশু গ্ৰন্থমেলা ২০২১” , বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে পৰিভ্ৰমণ সমগ্ৰ আলিটাঙনী অঞ্চল
দুৰ্নীতিৰ দৰ্পণ সেৱা,ইমামুল ইছলাম, ডুমডুমীয়া, নজৰুল ইছলাম , বটদ্ৰবা ,৬ ফেব্ৰুৱাৰীঃ
গ্ৰন্থমেলা মানে জ্ঞান পিপাসুৰ মেলা” বাণীক সৰোগত কৰি নৱ প্ৰজন্মৰ হাতত বন্দুক,মবাইল তুলি দিয়াৰ পৰিবৰ্তে কিতাপ তুলি দিয়াৰ সংকল্পৰে কালিৰে পৰা তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱাৰ সমীপৱৰ্তী আলিটাঙনীত অনুষ্ঠিত হৈছে “আলিটাঙনী শিশু গ্ৰন্থমেলা ২০২১”। আলিটাঙনী বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা শিশু গ্ৰন্থমেলা ২০২১ শনিবাৰে পুৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে সুদৰ্শন অভিনেতা নয়ন নিৰ্বান বৰুৱাই । পাছত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ হেজাৰ হেজাৰ ছাত্ৰী সকলৰ অংশ গ্ৰহণেৰে উলিওৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ আলিটাঙনী অঞ্চল পৰিভ্ৰমণ কৰে। গ্ৰন্থমেলাৰ পৰবৰ্তী কাৰ্যসূচীত কবিতা আবৃত্তি প্ৰতিযোগিতা,কুইজ প্ৰতিযোগিতা,জিকিৰ-জাৰি প্ৰতিযোগিতা,আধুনিক গীতৰ প্ৰতিযোগিতা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় । কাইলৈ ৭ ফেব্ৰুৱাৰী পুৱা ৯ বজাত চাফাই অভিযান,বক্তৃতা প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা আদি বিভিন্ন অনুষ্ঠানৰ পাছত বিয়লি ২ বজাত “অসমীয়া ভাষা সংস্কৃতিলৈ বংগীয় মূলৰ মুছলমানসকলৰ আৱদান” শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হব ।

Total Page Visits: 10 - Today Page Visits: 1