ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দ্দেশত SVEEPৰ অধীনত শিৱসাগৰ জিলাত ব্যাপক ভোটাৰ সজাগতা কাৰ্য্যসূচী , SVEEP ৰ ব্ৰেণ্ড এম্বেছেদৰ হিৰণ্য ডেকাৰ অংশগ্ৰহণ
দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাঃ সাধাৰণ ভোটাৰক নিৰ্বাচনৰ গুৰুত্ব অনুধাৱন তথা ভোটগ্ৰহণ প্ৰক্ৰিয়াত বিপুল হাৰত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী কৰাৰ হকে ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মৰ্মে হাতত লোৱা SVEEP কাৰ্যসূচী সমূহ শিৱসাগৰ নিৰ্বাচন জিলাত যথেষ্ট সফল ৰূপত ৰূপায়ণ কৰা হৈছে। বিগত সপ্তাহত শিৱসাগৰ নিৰ্বাচন জিলাৰ অন্তৰ্গত ১০৩ আমগুৰি, ১০৭ থাওৰা আৰু ১০৮ শিৱসাগৰ বিধানসভা সমষ্টিৰ ভোটাৰৰ মাজত SVEEP -ৰ অধীনত বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে ব্যাপক হাৰত ভোটাৰ সজাগতা সৃষ্টি কৰা হৈছে। SVEEP -ৰ অধীনত বিভিন্ন কাৰ্যসূচী যেনে- ৰাজহুৱা স্থানত বাটৰ নাট প্ৰদৰ্শন, আত্মসহায়ক গোট সমূহৰ মাজত প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হৈছে। ভোটাৰ ৰাইজক সজাগ কৰাৰ বাবে তথা নিৰ্বাচন সম্পৰ্কীয় জ্ঞান বৰ্ধনৰ বাবে ভোটাৰ সহায়ক কেন্দ্ৰ (voters help desk) আৰু কিয়স্ক (kiosk) স্থাপন, বিভিন্ন স্থানত ভোটাৰ সজাগতামূলক পোষ্টাৰ লগোৱা হৈছে। SVEEP ৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি স্থানীয় যুৱদলত এক বিশেষ পুতলা নাচ প্ৰদৰ্শন কৰা হয়। পুতলা নাচৰ বিশিষ্ট শিল্পী বিনীতা দেৱীৰ নেতৃত্বত এটি দলে প্ৰদৰ্শন কৰা পুতলা নাচৰ এই অনুষ্ঠানে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে। ইয়াৰ পূৰ্বে শিৱসাগৰ নিৰ্বাচন জিলাৰ SVEEP -ৰ ব্ৰেণ্ড এম্বেচেডৰ বিশিষ্ট অভিনেতা হিৰণ্য ডেকাই আমগুৰি, থাওৰা আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ বিভিন্ন মহাবিদ্যালয় তথা উচ্চ শিক্ষা প্ৰতিষ্ঠানত নৱ প্ৰজন্মৰ ভোটাৰক ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে আয়োজিত সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷