মন্ত্ৰী পিযুষ হাজৰিকাৰ প্ৰতিদিন টাইমৰ সাংবাদিকক ফোনযোগে ভাবুকি , অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সংবাদমেল ,সকিয়নী আৰু গৰিহণা

6

মন্ত্ৰী পিযুষ হাজৰিকাৰ প্ৰতিদিন টাইমৰ সাংবাদিকক ফোনযোগে ভাবুকি , অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সংবাদমেল ,সকিয়নী আৰু গৰিহণা

দুৰ্নীতিৰ দৰ্পণ সেৱা , বটদ্ৰৱা , ২ এপ্ৰিল : প্ৰতিদিন টাইম চেনেলৰ এগৰাকী সাংবাদিকক মন্ত্ৰী পীযুষ হাজৰিকাই ভাবুকি প্ৰদান কৰা যি টেলিফোনিক বাৰ্তালাপৰ অডিও ক্লিপ সম্প্ৰচাৰিত হৈ আছে , সেই সন্দৰ্ভত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এক সংবাদমেল আয়োজন কৰি মন্ত্ৰী পিযুষ হাজৰিকাক সকিয়নী দিয়াৰ লগতে গৰিহণা দিয়ে । শুক্ৰবাৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে নগাঁও জিলাৰ বটদ্ৰৱাৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলোত আয়োজন কৰা সংবাদমেলত মন্ত্ৰী পিযুষ হাজৰিকাৰ সাংবাদিকক হত্যা কৰা ভাবুকি প্ৰদান কৰি নিৰ্বাচনী বিধি উলংঘা কৰা অপৰাধত তেওঁ নিৰ্বাচনী প্ৰাৰ্থিত্ব নাকচ কৰিবলৈ মুখ্য নিৰ্বাচনী আয়োগৰ ওচৰত দাবী তুলিলে । সাংবাদিক হত্যা কৰা ভাবুকি প্ৰদান কৰা গোচৰত অভিযুক্ত কৰি পিযুষ হাজৰিকাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি তেওঁৰ জেললৈ পঠিয়াই অসমৰ অনান্য সাংবাদিক হত্যাৰ গোচৰৰ তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে । আজি সংবাদ মেলত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক খাইৰুল ইছলাম,সাংগঠনিক সম্পাদক মহম্মদ আলী , নগাঁও জিলাৰ সভাপতি হাৰুণ অল ৰচিদ,কাৰ্যকৰী সভাপতি আশ্বাদুল ইছলামকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে ।