মাজুলীৰ বিজেপিত যোগদান কংগ্ৰেছৰ আৰু অগপৰ কৰ্মী , ফুলনিত বিজেপিৰ অস্থায়ী কাৰ্যালয় মুকলি

29

মাজুলীৰ বিজেপিত যোগদান কংগ্ৰেছৰ আৰু অগপৰ কৰ্মী , ফুলনিত বিজেপিৰ অস্থায়ী কাৰ্যালয় মুকলি
দুৰ্নীতিৰ দৰ্পণ সেৱা , কল্পজিৎ শইকীয়া ,মাজুলী,১৬ মাৰ্চ: সমাগত বিধান সভা নিৰ্বাচনক লৈ প্ৰতিঘন্টাই সলনি হৈছে মাজুলীৰ ৰাজনৈতিক পেক্ষাপট ৷ দ্বীপ জিলাখনৰ শ্ৰীৰাম ,ৰতনপুৰ গায়ন,চেৰপাই,জেংৰাইমুখকে ধৰি উজনি মাজুুলীৰ অৰ্ধশতাধিক গাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হৈ বিজেপিৰ কাৰ্যকৰ্তা সুভাষ দত্ত,মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া প্ৰকাশ কাশ্যপে পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে ৷ এটা সময়ৰ কংগ্ৰেছৰ দুৰ্গস্বৰূপ ৯৯ নং মাজুলী বিধান সভা সমষ্টিত এতিয়া কংগ্ৰেছ শূন্য সমষ্টি হোৱাৰ দিশে গতি কৰিছে ৷ প্ৰতিটো দিনতে প্ৰতি পঞ্চায়তত কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ লোকে বিজেপি দলৰ নিতী আৰ্দশৰ প্ৰতি আৰ্কশিত হৈ বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে ৷ অপৰিসীম উন্নয়ন হোৱা মাজুলীত উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত এই দৰে মাজুলীত বিজেপি দলত লোক সকলে যোগদান কৰা বুলি ভুক্তভোগী সকলে আমাক অৱগত কৰিছে ৷ ইফালে , আজি ফুলনি পঞ্চায়তৰ বিজেপি মিত্ৰজোটৰ অস্থায়ী কাৰ্যালয়ৰ শুভাৰাম্ভনী অনুষ্ঠানত নৰেন ওজা , জিতেন নাথ,উজনী মাজুলী ব্লক কংগ্ৰেছ সমিতিৰ সম্পাদক,মৃদুল শইকীয়া,অসম গণ পৰিষদৰ যুৱ পৰিষদ,মানিক বৰা কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি মণ্ডল সমিতি,ঋতিক লোচন বৰা,উদিয়মান যুৱক, সুনন্দ শইকীয়া,অসম গণ পৰিষদ,জিতুল নৰহকে ধৰি গৰিষ্ঠ সংখ্যক বিভিন্ন দলৰ লোকে বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে বুলি নিৰ্বাচনী সমিতিৰ ফুলনিৰ কাৰ্যৰ্কতা সকলে এক বিবৃতি যোগে আমাক জানিবলৈ দিছে । কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থকা দলীয় কৰ্মীয়ে সাংবাদিকৰ আগত কয়-মাজুলীৰ বিধায়ক তথা অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাক ৯৫ শতাংশ ভোট দান কৰি ১২৬ টা বিধান সভা সমষ্টিৰ ভিতৰতে অভিলেখ সংখ্যক ভোটত জয়ী কৰাব । কাৰ্যালয় শুভাৰম্ভ অনুষ্ঠানত বিজেপি,অগপ আৰু গণশক্তি দলৰ কৰ্মী সকল উপস্থিত থাকে । অসম চৰকাৰ প্ৰাক্তন মন্ত্ৰী তথা মাজুলীৰ প্ৰাক্তন বিধায়ক পদ্মেশ্বৰ দলেই মাজুলীৰ সৰ্বাংগীণ উন্নয়নৰ স্বৰ্থত মাজুলীৰ জনসাধাৰণে সৰ্বানন্দ সোনোৱালক বিপুল ভাৱে জয়ী কৰাব বুলি মন্তব্য প্ৰকাশ কৰে ।