মাণিকপুৰ আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাৰিকৰী পদ্ধতিৰে কৰিলে উদ্বোধন
দুৰ্নীতিৰ দৰ্পণ,মাণিকপুৰ,১৬ ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই আজি দুখনকৈ আৰক্ষী থানাৰ অত্যাধুনিক পদ্ধতিৰে নৱনিৰ্মিত দুটাকৈ ভৱন উদ্বোধন কৰে । মুখ্যমন্ত্ৰী সোনোৱাল ডাঙৰীয়াই প্ৰথমতে বঙাইগাঁও সদৰ থানাত উপস্থিত হৈ সদৰ থানাৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন হোৱা বুলি ঘোষণা কৰাৰ পিছতে মাণিকপুৰ আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰাৰ লগে লগে বঙাইগাঁও জিলা উপ আৰক্ষী অধীক্ষক ডাঙৰীয়াই ফিটা কাটি নৱনিৰ্মিত ভৱনটোৰ দুৱাৰ মুকলি কৰে । দায়িত্বশীল ভাবমূৰ্তিৰ বাবে থানা সমূহৰ সৰ্বাঙ্গীন উন্নয়ন অভিযান আঁচনি (মৈত্ৰী)ৰ অধীনত নৱনিৰ্মিত মাণিকপুৰ আৰক্ষী থানাৰ ভৱনটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় । আজিৰ এই উদ্বোধন কাৰ্যসূচীত উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰী ,বঙাইগাঁও জিলা উপ আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগতে অসম আৰক্ষীৰ কেবাজনো বিষয়া , মাণিকপুৰ অঞ্চলৰ যথেষ্ট সংখ্যক সমাজকৰ্মী,পঞ্চায়ত প্ৰতিনিধিৰ লগতে ৰাইজ উপস্থিত আছিল ।
মাণিকপুৰ আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাৰিকৰী পদ্ধতিৰে কৰিলে উদ্বোধন
Total Page Visits: 10 - Today Page Visits: 1