মাৰ্ঘেৰিটাত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ

49

মাৰ্ঘেৰিটাত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ

দুৰ্নীতিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটা পৰা বিকাশ বৰুৱা , ১৪ মাৰ্চঃ ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বিজেপিয়ে আৰম্ভ কৰিছে আগ্ৰাসী প্ৰচাৰ অভিযান । দেওবাৰৰ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পৃথকে পৃথকে নিৰ্বাচনী প্ৰচাৰ চলায় । মাৰ্ঘেৰিটাত বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । ভাষণ আৰম্ভ কৰাৰ পূৰ্বে সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে অসমৰ উন্নয়নৰ বাবে বিজেপিৰ বিকল্প নাই বুলি মন্তব্য কৰে । লগতে অসমৰ পৰা বিদেশী বহিষ্কাৰৰ লগতে বানপানী সমস্যাৰ স্থায়ী সমাধান বাবে অসমবাসীৰ পৰা আৰু পাঁচ বছৰ বিচাৰে অমিত শ্বাহে । সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰে । কংগ্ৰেছ আৰু AIUDF ক মোগলৰ সৈতে তুলনা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে , অসমে মোগলৰ নামত আৰু চৰকাৰ গঠন কৰিব নিদিয়ে । মোগলক ১৭ বাৰ হৰুৱালে আৰু এবাৰ হৰুৱাম । বিজেপিয়ে পাঁচ বছৰত দহ লাখ লোকৰ জীৱিকাৰ পথ মুকলি কৰি দিব । প্ৰথম এটা বছৰত ১ লাখ চাকৰি দিম । আধুনিক পদ্ধতিৰে পুনৰ মাৰ্ঘেৰিটাত কয়লাৰ খনন কাৰ্য্য চলাব । জাগুনত এখন ডিগ্ৰী কলেজ স্থাপন কৰিব । ডিহিং পাটকাই ক্ৰীড়া প্ৰকল্পৰ স্থাপন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে । পোন প্ৰথমবাৰৰ বাবে মাৰ্ঘৰিটাত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিকুল বতৰৰ বাবে সময়ত কৈ কিছু পলমকৈ আহি সভাত উপস্থিত হয়। সভাৰ আৰম্ভণীতে অহা এজাক প্ৰৱল বৰষুণে উপস্থিত ৰাইজক ব্যাপক আহুকালত পেলায় । বৰষুণৰ ফলত সভাত উপস্থিত থকা লোক সকলে সভা স্থলি পৰা আঁতৰি যাবলৈ বাধ্য কৰে । বৰষুণৰ পৰা হাত হাৰিবলৈ উপস্থিত ৰাইজে যেনি তেনি পলাবলৈ ধৰে । আনহে নালাগে বৰষুণৰ পৰা বাচিবলৈ গাড়ী তলতো সোমাব আশ্ৰয় লব লগা হয় । বৰষুণৰ এৰা পিছত সভাখন আৰম্ভ হয় যদিও একাংশ ৰাইজে সভা ত্যাগ কৰি ঘৰাঘৰি হয় । গৃহমন্ত্ৰীজনৰ সৈতে আজি নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা , কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীসহ বিজেপিৰ কেইবা গৰাকীয়ো ৰাজ্যিক নেতৃত্ব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here