মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাক উষ্ম আদৰণি দলীয় কৰ্মকৰ্তা

32

মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাক উষ্ম আদৰণি দলীয় কৰ্মকৰ্তা

দুৰ্নীতিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটা পৰা বিকাশ বৰুৱাঃ তিনিচুকীয়া জিলা অন্তৰ্গত ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ভাস্কৰ শৰ্মা টিকট লাভ কৰাৰ পাছতে বিজেপি দলৰ কৰ্মকৰ্তাৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে । বিজেপিৰ দলীয় টিকত লাভ কৰাৰ পাছতেই আজি সহস্ৰাধিক দলীয় কৰ্মকতাই পাৱৈ পৰা সাত কিল’মিটাৰ পথ ৰেলি কৰি আদৰি আনে।আনহাতে , ভাস্কৰ শৰ্মাই মাৰ্ঘৰিটাত উপস্থিত হৈ সকলোকে কৃৰ্তজ্ঞতা জ্ঞাপন কৰে। আগন্তক নিৰ্বাচনত পুনৰবাৰ জয়ী হৈ আহিলে বিগত সময়ত আধৰুৱা হৈ থকা কামসমূহ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰতি প্ৰদান কৰে । বিগত নিৰ্বাচনত মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহীং অঞ্চলৰ পৰা বিজেপিয়ে বহু ভোট পাবলৈ সক্ষম হৈছিল যদিও এইবাৰ কিন্তু বিজেপিৰ প্ৰাৰ্থীজনে ব্যাপক প্ৰত্যাহ্বানৰ সন্মূখীন হোৱা সম্ভাৱনা আছে। কিয়নো , বিগত পাঁচবছৰত বিজেপি দল তথা বিধায়ক ভাস্কৰ শৰ্মাই বুঢ়ীদিহীং অঞ্চলত নিৰ্বাচনৰ সময়ত দিয়া কোনো এটা প্ৰতিশ্ৰুতিয়েই পুৰণ নকৰা বুলি অঞ্চলবাসীয়ে অভিযোগ উত্থাপিত কৰিছে । সেয়েহে বুঢ়ীদিহীং অঞ্চলবাসীয় বুঢ়ীদিহীং অঞ্চলৰ পৰা নিজাকৈ নিৰ্দলীয় প্ৰাৰ্থী দিয়া যো -জা কৰিছে । অঞ্চলটোৰ জনপ্ৰিয় যুৱ সমাজকৰ্মী ৰণ্টু সোনোৱালে প্ৰতিদন্দিতা আগবঢ়ালে ভাস্কৰ শৰ্মা জয়ী হৈ অহাটো যে সহজ নহব সেইয়া সহজেই অনূমেয়। অৱশ্যে ভাস্কৰ শৰ্মাই এই প্ৰত্যাহ্বান কেনেদৰে নেওচিব সেইয়া অনাগত দিনতহে জানিব পৰা যাৱ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here