মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহীং মৌজাৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰতিদন্দিতা কৰিব ৰণ্টু সোনোৱালে
দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰডুমচা পৰা প্ৰমোদ ভূঞাঃ তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা সমষ্টিত নিৰ্দলীয়া প্ৰাৰ্থী ৰূপে প্ৰতিদন্দিতা আগবঢ়োৱা কথা ঘোষণা ৰণ্টু সোনোৱালৰ । মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত অতি পিছপৰা বুঢ়ীদিহীং মৌজাৰ পৰা এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰতিদন্দিতা আগবঢাব বুঢ়ীদিহীং মৌজা অন্তৰ্গত কুজুপথাৰ নিৰ্বাসী যুৱ সমাজ কৰ্মী ৰণ্টু সোনোৱালে।বিগত সময়ত বৃহত্ব বুঢ়ীদিহীং মৌজা উন্নয়ণৰ বাবে কোনো এজন বিধায়ক প্ৰতিনিধিয়ে গুৰুত্ব নিদিয়া বাবেই এইবাৰ বুঢ়ীদিহীং মৌজা বাসীয়ে নিৰ্বাচনত নিজাববীয়াকৈ নিৰ্দলীয় প্ৰাৰ্থী দিয়া কথা আজি এক সংবাদমেল যোগে ঘোঘণা কৰে। যুৱ সমাজ কৰ্মী,ব্যৱসায়ী তথা ডিগবৈ কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক জনক সমগ্ৰ বুঢ়ীদিহীং অঞ্চলবাসীয়ে এক আলোচলা মৰ্মে নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনিত কৰা বুলি সংবাদ মেল যোগে অৱগত কৰে। অঞ্চলবাসী অভিযোগ যে , ৰাইজে বহু আশা কৰি যোৱা নিৰ্বাচনত বিজেপিৰ দলৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাক যোৱা নিৰ্বাচনত জয়ী কৰি পঠাইছিল যদিও বিগত পাঁচ বছৰে বিধায়ক ভাস্কৰ শৰ্মাই অঞ্চলটোৰ উন্নয়ণৰ বাবে কুটা এগছো নকৰিলে , সেয়েহে স্থানীয় ৰাইজে এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী ৰণ্টু সোনোৱালক নিৰ্বাচনত জয়ী কৰি আনিবলৈ কঁকালত টঙালি বান্ধিছে। ৰণ্টু সোনোৱালৰ প্ৰতিদন্দিতাই যে আগন্তুক নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছ উভয় দলৰ প্ৰাৰ্থীকে যে শল ঠেকত পেলাৱ , সেইয়া ধুৰুপ ।