মিডিয়া ফেলʼশ্বিপ প্ৰদান, মুখ্যমন্ত্ৰী সোণোৱালৰ

35

মিডিয়া ফেলʼশ্বিপ প্ৰদান, মুখ্যমন্ত্ৰী সোণোৱালৰ
ষ্টাফ ৰিপʼৰ্টাৰ চৈয়দ , মোস্তাফা আহমেদৰ প্ৰতিবেদন,গুৱাহাটী,৬ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত মিডিয়া ফেল’শ্বিপ, সাংবাদিকলৈ এককালীন অনুদান , জনসংযোগ বিষয়াৰ নিযুক্তি পত্ৰ আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰা জিলা আৰু মহকুমা পৰ্য্যায়ৰ কাৰ্য্যালয়লৈ পুৰস্কাৰ প্ৰদান কৰে অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে । অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে মাননীয় মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা শ্ৰীযুত ঋষিকেশ গোস্বামীৰ লগতে তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত- সচিব শ্ৰীযুত প্ৰীতম শইকীয়া, সচিব শ্ৰীযুতা নীৰা সোণোৱাল,সঞ্চালক শ্ৰীযুত অনুপম চৌধুৰী,ৰাইজৰ বাতৰি কাকতৰ সম্পাদক শ্ৰীযুত ভূপেন ভট্টাচাৰ্য্য, প্ৰথিতযশা লেখিকা শ্ৰীযুতা অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট সাংবাদিক শ্ৰীযুত গৌতম শৰ্মা উপস্থিত থাকে । চৰকাৰী কাম কাজৰ ক্ষেত্ৰত বিশেষ ভাৱে অৰিহণা যোগাই অহা ৰাজ্যখনৰ কেইবাটাও তথ্য আৰু জনসংযোগ কাৰ্য্যালয়লৈ জনসংযোগ বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা শ্ৰেষ্ঠত্বাৰ খিতাপৰ বাবে ঘোষিত বঁটাপ্ৰাপকৰ তালিকাত ৰঙিয়া মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ে সমগ্ৰ ৰাজ্যৰ ভিতৰতে জিলা আৰু মহকুমা পৰ্য্যায়ত তৃতীয় স্থান পাবলৈ সক্ষম হোৱাৰ লগতে মহকুমা পৰ্য্যায়ত পুৰস্কাৰ লাভ কৰা একমাত্ৰ কাৰ্যালয় হিচাপে স্বীকৃতি লাভ কৰে । উল্লেখ্য যে, ৰঙিয়া মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ে আকাশবাণী গুৱাহাটীৰ কোভিড সজাগতামূলক ফোন- ইন অনুষ্ঠান -প্ৰতিৰোধ, মুখ্যমন্ত্ৰীৰ ৰাইজক উদ্দেশ্যি আগবঢ়োৱা প্ৰতিটো সম্ভোধন, স্বাস্থ্য সম্পৰ্কীয় সজাগতা, ৰাজ্য চৰকাৰৰ প্ৰতিটো আঁচনি, মহকুমাটোৰ বা-বাতৰি আদি স্থিৰ-অনুভাষ যন্ত্ৰ, মোবাইল মাইকিং, আৰু প্ৰেছ বিজ্ঞপ্তি যোগে নিয়মীয়া ভাৱে ৰাইজৰ মাজলৈ নিয়াত অহোপুৰুষাৰ্থ কৰি আহিছে ।

Total Page Visits: 10 - Today Page Visits: 2