মুল্য বৃদ্ধিৰ প্ৰতিবাদত কঁপিল দেৰগাঁও , ২০২১ত অসমত কংগ্ৰেছৰ চৰকাৰ হ’বঃ দেৱব্ৰত শইকীয়া

57

মুল্য বৃদ্ধিৰ প্ৰতিবাদত কঁপিল দেৰগাঁও , ২০২১ত অসমত কংগ্ৰেছৰ চৰকাৰ হ’বঃ দেৱব্ৰত শইকীয়া
দুৰ্নীতিৰ দৰ্পণ সেৱা; দেৰগাঁও, ২৫ ফেব্ৰুৱাৰীঃ ২০২১ত অসমত কংগ্ৰেছৰ চৰকাৰ হ’ব। অসমৰ ৰাইজে অধীনৰ আগ্ৰহেৰে বাট চাই আছে। দেৰগাঁৱৰ কাকডোঙাত কংগ্ৰেছৰ অসম বছাও অভিযানত অংশগ্ৰহণ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এনে দৰে কয়। অত্যাৱশ্যকীয় সামগ্ৰীৰ নি‌য়ন্ত্ৰনহীন মুল্য বৃদ্ধিয়ে সৰ্বসাধাৰণৰক কোঙা কৰা বেজেপি চৰকাৰে ভূৱা প্ৰতিশ্ৰুতিৰে অসমৰ জনসাধাৰণক আৰু প্ৰতাৰণা কৰিবলৈ সুবিধা নাপায়। অসমৰ ৰাইজে কংগ্ৰেছৰ চৰকাৰ অহালৈ অধিক আগ্ৰহেৰে বাট চাই আছে । ২০২১ ত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব। বিজেপি ২০১৪ চনৰ পৰা প্ৰতিটো নিৰ্বাচনতে ৰাইজক ভূৱা প্ৰতিশ্ৰুতি দি আহিছে, জাতি,মাটি ৰক্ষাৰ কথা কয় বিজেপিয়ে হিন্দু বাংলাদেশী নাগৰিকত্ব দিব বিচাৰিছে, ৬ জনগোষ্ঠীৰ জনজাতি কৰণ প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ বিজেপি চৰকাৰ দেৰগাঁৱৰ কাকডোঙাত ভুপেন হাজৰিকা ৰংগমঞ্চত অনুষ্ঠিত হোৱা এক দলীয় কৰ্মী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই। দুই সহস্ৰাধিক কৰ্মী উপস্থিত থকা এই কৰ্মী সভাত প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝি, যোৰহাট জিলা কংগ্ৰেছ তত্বধায়ক ৰাজকুমাৰ কেচুৱান, গোলাঘাট জিলা কংগ্ৰেছ সভাপতি দাবু টাইড, যোৰহাট জিলা কংগ্ৰেছ প্ৰশাসনিক সাধাৰণ সম্পাদক কৃষ্ণকান্ত দাস, বাণী হাজৰিকা, ড০ ৰমানন্দ দাসৰ লগতে কেইগৰাকীমান কংগ্ৰেছ জেষ্ঠ নেতা উপস্থিত থাকে। দুই সহস্ৰাধিক লোক উপস্থিত থকা সভাখনত বহুকেইজন বিজেপি কৰ্মীয়ে কংগ্ৰেছৰ যোগদান কৰে।