মূল্যবোধৰ ৰাজনীতিত অধিক গুৰুত্ব প্ৰদান মৰিগাঁও সমষ্টিৰ এজেপি প্ৰাৰ্থী বাণীকান্ত দাসৰ , ইতিবাচক দৃষ্টি ভংগীৰে সমষ্টিবাসীৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি , এজেপি প্ৰাৰ্থী বাণীকান্ত দাসক সংবাদ মেলত মুকলি সমৰ্থন তিৱা জাতীয় ঐক্যমঞ্চৰ

33

মূল্যবোধৰ ৰাজনীতিত অধিক গুৰুত্ব প্ৰদান মৰিগাঁও সমষ্টিৰ এজেপি প্ৰাৰ্থী বাণীকান্ত দাসৰ , ইতিবাচক দৃষ্টি ভংগীৰে সমষ্টিবাসীৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি , এজেপি প্ৰাৰ্থী বাণীকান্ত দাসক সংবাদ মেলত মুকলি সমৰ্থন তিৱা জাতীয় ঐক্যমঞ্চৰ
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৭ মাৰ্চ : মৰিগাঁও সমষ্টিত যদি অসম জাতীয় পৰিষদক ৰাইজে জয়ী কৰে,তেন্তে সমষ্টিটোত ৰাজনৈতিক দল নিৰ্বিশেষে সকলোৱে বাবে সম উন্নয়ৰ জয় যাত্ৰা কৰিবলৈ আমি সদায় প্ৰতিজ্ঞাবদ্ধ। এইবাৰ বিধানসভা নিৰ্বাচনত মৰিগাঁৱত এজেপিয়ে ইতিবাচক দিশত হে প্ৰচাৰ চলোৱাৰ গুৰুত্ব প্ৰদান কৰিছো । কিয়নো , বহু ৰাজনৈতিক দল সংগঠনে মিছা প্ৰতিশ্ৰুতিয়ে প্ৰচাৰ চলাই জনসাধাৰণৰ মাজত এক ভুল বাতাবৰণ সৃষ্টি কৰি আহিছে— এই মন্তব্য মৰিগাঁও ৮০ নং বিধানসভা সমষ্টিৰ এজেপি দলৰ প্ৰাৰ্থী বাণীকান্ত দাসৰ । কালি নিশা মৰিগাঁৱৰ লঠাবৰীস্থিত বাসভৱনত সংবাদ মেল সম্বোধন কৰি এজেপিৰ প্ৰাৰ্থী বাণীকান্ত দাসে সংবাদ মাধ্যমৰ আগত কয় যে-মৰিগাঁৱত এজেপিয়ে মূল্যবোধৰ ৰাজনীতি কৰি যাবলৈ সংকল্পবদ্ধ হৈছে । এইবাৰ মৰিগাঁও সমষ্টিত এজেপি জয়ী হলে বোকা ছতিওৱা ৰাজনীতিৰ বিপৰীতে মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰি সমষ্টিটোৰ উন্নয়নত অধিক গুৰুত্ব আৰোপ কৰিম । বিধান সভা নিৰ্বাচনত মৰিগাঁও সমষ্টিৰ এজেপিৰ প্ৰাৰ্থী গৰাকীক সাংবাদিকে কেনে ধৰণৰ উন্নয়নৰ চিন্তা চৰ্চাৰে ৰাইজৰ মাজত যাব বুলি সোধা প্ৰশ্নৰ উত্তৰত বাণীকান্ত দাসে কয় যে-নিৰ্বাচনত জয়ী হ’লে সমষ্টিটোত শৈক্ষিক ক্ষেত্ৰৰ উত্তৰণ আৰু ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে চিন্তা কৰাৰ উপৰিও ক্ৰীড়া খণ্ডৰ সৰ্বাঙ্গীণ উন্নয়ন আৰু সুদক্ষ খেলুৱৈ সৃষ্টিৰ বাবে আঁচনি গ্ৰহণ কৰিম । কৃষি খণ্ডক গুৰুত্ব প্ৰদান কৰাৰ লগতে নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ উপৰিও মহিলা সকলক ঘৰতে থাকি স্বাৱলম্বী কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰিম । মৰিগাঁও চহৰৰ বাটপথ,বিশুদ্ধ খোৱা পানী যোগানকে ধৰি চহৰখনত হোৱা কৃত্ৰিম বানপানীৰ স্থায়ী সমাধান কৰা পৰিকল্পনা এজেপিয়ে হাতত লৈছে । বিশেষকৈ থলুৱা জনগোষ্ঠীয় ভাষা,লোকসংস্কৃতিৰ সংৰক্ষণ,নাটশিল্প প্ৰশিক্ষণৰ বাবে সকলো সা-সুবিধা সম্পন্ন প্ৰেক্ষাগৃহ সহ অত্যাধুনিক সাংস্কৃতিক প্ৰকল্প স্থাপন কৰি সমষ্টিবাসীয়ে উন্নতি কৰিবলৈ দৃঢ় সংকল্পবদ্ধ বুলি বাণীকান্ত দাসে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । এজেপি প্ৰাৰ্থী গৰাকীয়ে পুনৰ কয় যে-মৰিগাঁও সমষ্টিবাসীয়ে এজেপিক জয়ী কৰিলে মৰিগাঁৱৰ চাৰণ বিলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটন ক্ষেত্ৰলৈ উন্নীতকৰণৰ লগতে চাৰণ বিলৰ পাৰত অত্যাধুনিক পাৰ্ক নিৰ্মাণ কৰাৰ উপৰিও সমষ্টিবাসীৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে কাম কৰি যাম বুলি বাণীকান্ত দাসে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে । আনহাতে , এজেপিৰ প্ৰাৰ্থী গৰাকীৰ মুল প্ৰতিদ্বন্দি কোন হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে-এইবাৰ মৰিগাঁও সমষ্টিত এজেপিৰ লগত ৰাইজৰ দল আৰু তিৱা জাতীয় ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে বাণীকান্ত দাসৰ লগত মুল প্ৰতিদ্বন্দি কোনো নাই বুলি উল্লেখ কৰে । মৰিগাঁৱৰ ৰাইজ সজাগ,ৰাইজে এইবাৰ সুস্থিৰ ভাৱে বিবেক ভোট দি এজেপিৰ বিধায়ক হিচাপে বাণীকান্ত দাসকে নিৰ্বাচিত কৰিব বুলি তেওঁ আশাবাদী । ইফালে,এজেপি দলক তিৱা ঐক্যমঞ্চই এইবেলি সংবাদ মাধ্যমৰ আগত মুকলি ভাৱে সমৰ্থন আগবঢ়ায় । সংবাদ মেলত এজেপি নেতা অৰবিন্দ হাজৰিকা,জয়ন্ত ডেকা,চিমল দেউৰীকে ধৰি বহু কেইজন এজেপিৰ নেতা-কৰ্মীৰ লগতে তিৱা জাতীয় ঐক্যমঞ্চৰ মুখপাত্ৰ চিজয় দেউৰী,মহিলা নেত্ৰী টুটুমনি ডেকাই অংশ গ্ৰহণ কৰে ।